প্ৰখ্যাত গায়ক চনু নিগমক আক্ৰমণ শিৱ সেনাৰ বিধায়ক পুত্ৰৰ

প্ৰখ্যাত গায়ক চনু নিগমক আক্ৰমণ শিৱ সেনাৰ বিধায়ক পুত্ৰৰ

ডিজিটেল ডেস্ক : সোমবাৰে নিশা মুম্বাইৰ চেম্বুৰ অঞ্চলত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বলিউদৰ বিখ্যাত গায়ক চনু নিগমে । এই অনুষ্ঠান আছিল চেম্বুৰ সমাৰোহৰ অন্তিম দিনৰ অনুষ্ঠান । গায়ক গৰাকীয়ে মঞ্চত গীত পৰিৱেশনৰ অন্তত নামি অহাৰ সময়তেই এগৰাকী লোকে চেল্ফী ল'বলৈ অনুৰোধ কৰে গায়কগৰাকীৰ সৈতে । চনু নিগমে এই অনুৰোধ প্ৰত্যাখান কৰাৰ পাছতেই উত্তপ্ত হৈ উঠে পৰিস্থিতি । এনে পৰিস্থিতিৰ মাজতেই লোকজনে আক্ৰমণ কৰে চনু নিগমৰ মহিলা মেনেজাৰ তথা আন এজন সহকৰ্মীক ।

উল্লেখ্য যে, অভিযুক্ত লোকজনৰ নাম স্বপ্নীল প্ৰকাশ ফাটেৰপেকাৰ । যি মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ এক বিধায়কৰ পুত্ৰ । এই হতাহতিৰ মাজত চিৰিত বাগৰিও পৰে গায়ক গৰাকী । পৰৱৰ্তী সময়ত চনু নিগমৰেই এক অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় লোকজনক ।

মহাৰাষ্ট্ৰত শিৱসেনাৰ সমৰ্থক তথা তৃণমূল পৰ্যায়ৰ নেতা সকলৰ উদণ্ড প্ৰকৃতিৰ সৈতে পৰিচিত প্ৰায় সকলোৱেই । কিন্তু ক্ষমতাৰ ৰ‍াগীত বলিয়ান হৈ প্ৰত্যাখ্যানৰ অৰ্থ বুজি নোপোৱাৰ অন্তৰালত থাকিব পৰা সকলো দিশেই অনুধাৱণ কৰা উচিত সকলোৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in