সৰ্ব শৰীৰত হাড় ভাঙিছে পৱনদ্বীপৰঃ ৬ ঘণ্টাৰ অস্ত্ৰোপচাৰ সম্পন্ন, চাৰি দিনৰ পাছত আকৌ হ'ব অস্ত্ৰোপচাৰ

সোমবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ জীৱন মৃত্যুৰে হাস্পতালৰ বিচনাত যুঁজি থকা জনপ্ৰিয় গায়ক পৱনদ্বীপ ৰাজনৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।

author-image
Tushar Pratim
New Update
সৰ্ব শৰীৰত হাড় ভাঙিছে পৱনদ্বীপৰঃ ৬ ঘণ্টাৰ অস্ত্ৰোপচাৰ সম্পন্ন, চাৰি দিনৰ পাছত আকৌ হ'ব অস্ত্ৰোপচাৰ

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ জীৱন মৃত্যুৰে হাস্পতালৰ বিচনাত যুঁজি থকা জনপ্ৰিয় গায়ক পৱনদ্বীপ ৰাজনৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। জানিব পৰা মতে প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল এই অস্ত্ৰোপচাৰ। 

Advertisment

দুৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হোৱা পৱনদ্বীপৰ দেহৰ বিভিন্ন অংশত কেইবাডালো হাড় ভাঙিছে। আই চি ইউত চিকিৎসাধীন হৈ থকা পৱনদ্বীপৰ সৰ্ব শৰীৰত আঘাতৰ চিন এতিয়াও স্পষ্ট। 

অৱশ্যে মঙলবাৰে পৱনদ্বীপ ৰাজনৰ আত্মীয় তথা তেওঁৰ দলটোৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা মতে বৰ্তমান তেওঁ সংকটমুক্ত। শীঘ্ৰেই তেওঁক দিল্লীৰ এখন শীৰ্ষ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হব। 

উল্লেখ্য যে, সোমবাৰে পুৱা ৩:৪০ বজাত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ইণ্ডিয়ান আইডল ছিজন-১২ ৰ বিজয়ী পৱনদ্বীপ। খবৰ অনুসৰি আহমেদাবাদৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ বিমানবন্দৰলৈ যাত্ৰা কৰিছিল।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত প্ৰকাশ কৰা মতে বাহনখনৰ চালকজন টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল। চালকজন টোপনি যোৱাৰ বাবেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখনত ট্ৰাকত খুন্দা মাৰে।

এই দুৰ্ঘটনাত আন দুজন লোকো গুৰুতৰভাৱে আহত হৈছে। তেওঁলোক দুজনৰো অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। এক বিবৃতিত পৱনদ্বীপৰ টীমৰ ফালৰ পৰাই জনাইছে যে, দেহৰ একাধিক হাড় ভঙাৰ বাবে গায়কগৰাকীয়ে অসহ্য যন্ত্ৰণাত ভুগিবলগীয়া হৈছিল। সোমবাৰে সন্ধিয়া সাত বজাৰ পৰা চলি আছে তেওঁৰ অস্ত্ৰোপচাৰ। 

বৰ্তমান আই চি ইউতে আছে কণ্ঠশিল্পীগৰাকী। চাৰিদিন পিছত যদি তেওঁৰ শাৰীৰিক অৱস্থা বৰ্তমানতকৈ যদি অধিক ভাল হয় তেন্তে দেহৰ বাকী অংশতো পুনৰ অস্ত্ৰোপচাৰ কৰা হ’ব।

পথ দুৰ্ঘটনা