কলকাতাত শিল্পী দিৱস উদযাপন...

কলকাতাত শিল্পী দিৱস উদযাপন...
কলকাতাত শিল্পী দিৱস উদযাপন...

ডিজিটেল ডেস্কঃ ১৭ জানুৱাৰী শিল্পী দিৱস উপলক্ষে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কলকাতা শাখাৰ উদ্যোগত অসম ভৱন প্ৰাংগণত এখনি আলোচনা চক্ৰৰ লগতে এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাহিত্য আৰু সাংস্কৃতিক দিশৰ ওপৰত সুন্দৰ আলোকপাত কৰে শাখাৰ আলোচনী সম্পাদিকা মনীষা শৰ্মা বৰঠাকুৰে।

জ্যোতিপ্ৰসাদৰ নাটকত নাৰী চৰিত্ৰৰ প্ৰাসংগিকতাৰ বিষয়েও মনিষা শৰ্মা বৰঠাকুৰে সুন্দৰ বিশ্লেষণ আগবঢ়ায়। জ্যোতিপ্ৰসাদৰ বৈপ্লৱিক চেতনাৰ ওপৰত শাথাৰ সভানেত্রী ববী ভৰদ্বাজে ব্যক্তব্য আগবঢ়ায়।

প্রথম অসমীয়া মহিলা ক্রিকেট খেলুৱৈ ৰীতা মণি শৰ্মাৰ লগতে কলকাতাস্থিত সকলো অসমীয়া অনুষ্ঠানৰ মুৰব্বীসকলৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কৰিশ্মা কাশ্যপ আৰু শিখা ভট্টাচাৰ্য্যৰ জ্যোতি সংগীত পৰিৱেশনে সকলোকে আমোদ প্রদান কৰে।

লগতে উপ-সভানেত্রী গৌৰী মল্লিক আৰু কলকাতা অসমীয়া সাংস্কৃতিক সন্থাৰ কাৰ্যকৰী সভাপতি হিতেন হাতথোৱাৰ কবিতা আবৃত্তিয়ে অনুষ্ঠানটিক অন্যমাত্রা প্ৰদান কৰে। সদৌ শেষত ভোগালী জলপানেৰে সকলোকে আপ্যায়িত কৰি অনুষ্ঠানটিৰ সামৰণি কৰা হয়। অনুষ্ঠানটিৰ আতঁ ধৰিছিল শাখাৰ সম্পাদিকা শিখা ভট্টাচাৰ্যই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in