/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/688c49b0-4148-4b80-9b58-4ab18ef91784/sikim_13.jpg)
আকৌ ছিকিমত প্ৰাকৃতিক বিপৰ্যয়ঃ প্ৰৱল বৰষুণত বানপানী, ভূমিস্খলন অব্যাহত...
ডিজিটেল ডেস্কঃ পুনৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে ছিকিম। বিগত বছৰত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বিপৰ্যয়ে ক্ষুদ্ৰ ৰাজ্যখনত বিস্তৰ ক্ষতি কৰিছিল। ধ্বংস্তূপত পৰিণত হৈছিল ৰাজ্যখনৰ উত্তৰ প্ৰান্ত। এই স্মৃতি এতিয়াও সজীৱ হৈ আছে দেশবাসীৰ।
এই বিপৰ্যয়ৰ এটা বছৰ সম্পূৰ্ণ নহৌওতেই পুনৰ ছিকিমত প্ৰকৃতিয়ে দেখুৱাইছে ৰুদ্ৰৰূপ। পৰ্যটকৰ ৰম্যভূমি ছিকিমত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। এই প্ৰৱল বৰষুণৰ ফলত আৰম্ভ হৈছে বানপানী আৰু ভূমিস্খলন। বিচ্ছিন্ন হৈছে পথ। ফলত বহু স্থানত আৱদ্ধ হৈছে পৰ্যটকসকল। খবৰ অনুসৰি এনে বিপৰ্যয়ৰ মাজতে সন্ধানহানী হৈছে ৫ জনকৈ লোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7ff6927d-03bf-4cd8-bc02-2a7d28e2ecfa/Kalimpong-2.jpg)
উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ উত্তৰ বংগত প্ৰৱল বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগ অব্যাহত আছে। ৰাজ্যখনৰ এই প্ৰান্তত আগন্তুক কেইবাটাও দিনলৈ প্ৰৱল বৃষ্টিপাতৰ আশংকা কৰিছে আলিপুৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰ এই জিলা কেইখনত প্ৰৱল বৃষ্টিপাত অব্যাহত থাকিব। আনহাতে চুবৰীয়া ৰাষ্ট্ৰ ভূটান, ছিকিম, উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহতো ব্যাপক বৰষুণৰ ফলত নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ffe7da69-ad69-49bf-8928-6a2d2cee2233/Kalimpong-3.jpg)
যোৱা দিন কেইটাত ছিকিমত হোৱা বৃষ্টিপাতৰ ফলত বিধ্বস্ত হৈ পৰিছে ক্ষুদ্ৰ ৰাজ্যখনৰ মাংগন জিলা। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰে নিশাৰ পৰা এই জিলাখনত ২২০ মিলিমিটাৰ বৰষুণ হৈছে।
ৰিমিত খোলা আৰু ৰাফাং খোলা নদীৰ পানী উফণ্ডি উঠিছে আৰু বানপানীৰ সৃষ্টি কৰিছে। একাধিক পথ এই বানত চিঙিছে। এই মুহূৰ্তত এই জিলাখন সম্পূৰ্ণৰূপে অন্য প্ৰান্তৰ পৰা বিচ্ছিন্ন হৈছে। বন্ধ হৈ পৰিছে মোবাইল সেৱা।
Portion of the road washed away in #Sikkim’s Mangan triggered by a massive landslide. pic.twitter.com/hTfMZwwMY2
— Pooja Mehta (@pooja_news) June 13, 2024
Portion of the road washed away in #Sikkim’s Mangan triggered by a massive landslide. pic.twitter.com/hTfMZwwMY2
— Pooja Mehta (@pooja_news) June 13, 2024
প্ৰাথমিক তথ্য অনুসৰি এই পৰ্যন্ত ৫ জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰ হৈছে এটা মৃতদেহ। মংগন আৰক্ষীয়ে জনোৱা অনুসৰি ৰংৰাঙৰ কাষৰ অম্বিথাঙত তিনিজন লোক সন্ধানহীন হৈছে। পাক্ষেপ অঞ্চলত দুজন লোক সন্ধানহীন হৈ আছে।
গেইথাং, নামপাথাং অঞ্চলত ভূমিস্খলন হৈছে। এই ভূমিস্খলনত বহু বাসগৃহৰ ক্ষতি হোৱাই নহয় সম্পূৰ্ণৰূপে ধ্বংসও হৈছে। ব্ৰিংবং গাওঁখন সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈছে।গাওঁখনৰ লোকসকলৰ লগতে ইয়াত থকা আৰক্ষী আউটপোষ্টৰ আৰক্ষীসকলক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে।
যিকোনো সময়তে উটি যোৱাৰ সম্ভাৱনা আছে চংকালাং দলং। ইফালে তিস্তা নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানপানীত প্লাবিত হৈছে। এই নদীৰ পানী ছিকিমৰ মেলি ষ্টেডিয়ামত সোমাইছে। কালিম্পঙৰ তিস্তা বজাৰো ডুবি আছে।
सिक्किम में भारतीय सेना की त्रिशक्ति टीम ने दिखाया 'दम'
त्रिशक्ति कोर स्पेशलिस्ट ईगल्स टीम ने उत्तरी सिक्किम में हुए एक हादसे के बाद अवरुद्ध हुई महत्वपूर्ण सड़क को इस तरह खाली कराया। @trishakticorps ने इस साहसिक कार्य की तस्वीरें भी सोशल मीडिया पर साझा की हैं।#Sikkim |… pic.twitter.com/m9Vos95umB— RT Hindi (@RT_hindi_) June 13, 2024
Chief Minister PS Golay expresses his sadness on the natural calamities that have hit many parts of North Sikkim.
He writes:
“I am deeply shocked and saddened to know about the massive and devastating landslide that struck the areas around Mangan, and various locations in North… pic.twitter.com/4qAwIC9pNG— SIKKIM EXPRESS (@SikkimExpress) June 13, 2024
Also Read: বাতিল কৰা হ'ল NEET-UG পৰীক্ষাত দিয়া গ্ৰেছ মাৰ্কঃ উচ্চতম ন্যায়ালয়ত জনালে NTAয়ে