কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই

ডিজিটেল ডেস্ক : আজিহে কংগ্ৰেছে উদযাপন কৰিব কৰ্ণাটকৰ আনুষ্ঠানিক বিজয় উৎসৱ । বিগত কিছুদিন ধৰি চলি অহা মুখ্যমন্ত্ৰীৰ আসনকেন্দ্ৰিক বাদ বিবাদৰ অন্ত পেলাই আজি কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব অভিজ্ঞ ৰাজনীতিবিদ ছিদ্দাৰামায়াই । লগতে উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে । কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলটে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব অনুষ্ঠানটিত । বেংগালুৰুত হ'ব লগীয়া এই অনুষ্ঠানটিৰ প্ৰস্তুতি শুক্ৰবাৰেই সম্পূৰ্ণ হৈ উঠিছিল ।

আনহাতে, এই অনুষ্ঠানটিক বিজেপিবিৰোধী দলসমূহৰ এক উমৈহতীয়া মঞ্চত পৰিণত কৰাৰ এক চেষ্টা চলোৱা দেখা গৈছে কংগ্ৰেছক । যাৰ বাবে এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰচেখৰ ৰাও, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডি, এন চি পিৰ মুৰব্বী শৰদ পাৱাৰ, বি এছ পিৰ মুৰব্বী মায়াৱতী আদি দেশৰ শীৰ্ষ ৰাজনৈতিক নেতাক । আজি দুপৰীয়া ১২.৩০ বজাত বেংগালুৰুৰ কান্তিৱাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই
দৰঙত ইটাৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in