ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰসহ ৫ কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী...

৯৯৫৪০ ৯২১৮৫

author-image
Asomiya Pratidin
New Update
ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰসহ ৫ কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী...

ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰসহ ৫ কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী...

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে কংগ্ৰেছৰ ৫ শীৰ্ষ পৰ্যায়ৰ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটীয়ে। এই পাঁচগৰাকী নেতা ক্ৰমে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ভৰত নৰহ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰলস্কৰ।

Advertisment

এই সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুশাসন কমিটীয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। কংগ্ৰেছ অনুশাসন কমিটীৰ অধ্যক্ষ্য নৃপেন্দ্ৰ ঠাকুৰীয়া, সহ অধ্যক্ষা ববিতা শৰ্মা আৰু সদস্য সচিব ছিৰাজুল হুছেইনে স্বাক্ষৰ কৰা এই প্ৰেছ বিজ্ঞপ্তি অনুসৰি অহা সাত দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব পাঁচোগৰাকী নেতাই।

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দল বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গঠন কৰা অনুশাসন কমিটীয়ে দলটোৰ বিভিন্ন জিলা সমিতি, ব্লক সমিতি, তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে দলীয় নেতাৰ দল বিৰোধী কাৰ্যকলাপ সম্পৰ্কে শুনানি গ্ৰহণ কৰিছিল। এই শুনানিৰ সময়ত অনুশাসন কমিটীয়ে গোৱালপাৰা, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, মাজুলী, তিনিচুকীয়া, বৰপেটা, কোকৰাঝাৰ, ধেমাজি, দক্ষিণ শালমাৰা, মানকাচৰ, হোজাই, নগাঁও, দৰং, ওদালগুৰি, ধুবুৰী আৰু বাক্সা জিলাৰ লগতে এইসমূহ জিলাৰ বিভিন্ন ব্লক আৰু মণ্ডল কংগ্ৰেছ সমিতিসমূহৰ পৰা প্ৰায় ৫৬ টাত দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ লাভ কৰিছিল।

ইয়াৰ পিছত এই সন্দৰ্ভত অনুশাসন কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, সভাপতি ভূপেন বৰাৰ সৈতেও এই বিষয়ে আলোচনাত লিপ্ত হয়। এই আলোচনাতে অনুশাসন কমিটীক দল বিৰোধী নেতা, কৰ্মীৰ বিৰুদ্ধে দলীয় সংবিধান অনুসৰি নিৰপেক্ষ তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কৰ্তৃত্ব দিয়া হয়। সেই মতেই অনুশাসন কমিটীয়ে প্ৰাপ্ত অভিযোগৰ তদন্ত কৰে।

এই সময়ত দলৰ একাংশ নেতা তথা পদবীধাৰীয়ে বিভিন্ন মাধ্যমত দল, দলীয় নেতাৰ বিৰুদ্ধে মন্তব্য কৰা বুলি স্পষ্ট হয়। এনে দল আু দলীয় নেতাৰ বিৰুদ্ধে কৰা মন্তব্যই মন্তব্যই দলটোৰ ভাৱমূৰ্তি, নীতি-আদৰ্শক ম্লান কৰা বুলি অনুশাসন কমিটী পতিয়ন যায়। সেয়ে এই পাঁচগৰাকী নেতাকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

Also Read: প্ৰজ্ঞান, প্ৰণামি, প্ৰিয়ংকা, প্ৰণৱহঁতক কেনেকৈ শুভেচ্ছা নিদিয়াকৈ থাকোঁ ?

কংগ্ৰেছ ৰেকিবুদ্দিন আহমেদ মীৰা বৰঠাকুৰ