বিজেপিয়ে দিছে নেকি কেন্দ্ৰীয় কৃষি মন্ত্ৰী, নীতি আয়োগৰ অধ্যক্ষৰ অফাৰ? শাৰদ পাৱাৰে ক'লে...

বিজেপিয়ে দিছে নেকি কেন্দ্ৰীয় কৃষি মন্ত্ৰী, নীতি আয়োগৰ অধ্যক্ষৰ অফাৰ?  শাৰদ পাৱাৰে ক'লে...

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতি এতিয়াও মাৰ যোৱা নাই। শনিবাৰে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু তেওঁৰ খুড়াক শাৰদ পাৱাৰৰ মাজত এক গোপন বৈঠক হৈছিল।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৌহানে দাবী কৰি কয় যে, উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু শৰদ পাৱাৰৰ মাজৰ গোপন বৈঠকত শাৰদ পাৱাৰে কেবিনেট মন্ত্ৰী পদৰ বাবে বিজেপিৰ পৰা এটা প্ৰস্তাৱ লাভ কৰিছিল। এই প্ৰস্তাৱৰ বাবেই উক্ত বৈঠক অনুষ্ঠিক হৈছিল বুলি কয় তেওঁ।

এই সন্দৰ্ভত এতিয়া স্পষ্টীকৰণ দিছে শাৰদ পাৱাৰে। তেওঁ কয় যে, মন্ত্ৰীপদ প্ৰদান কৰাৰ কথাত কোনো সত্যতা নাই। অজিত পাৱাৰৰ সৈতে কোনো ৰাজনৈতিক আলোচনা হোৱা নাই।

মহাৰাষ্ট্ৰৰ একাংশ স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে বিজেপিয়ে শাৰদ পাৱাৰক কেন্দ্ৰৰ কৃষি মন্ত্ৰী আৰু নীতি আয়োগৰ অধ্যক্ষ পদৰ অফাৰ দিছিল। কেৱল ইমানেই নহয়, তেওঁৰ কন্যা সুপ্ৰিয়া সুলেৰ বাবেও মন্ত্ৰী পদৰ অফাৰ দিছিল। এই সকলো কথা অস্বীকাৰ কৰিছে শাৰদ পাৱাৰে।

সংবাদ মাধ্যমৰ দাবী অস্বীকাৰ কৰি পাৱাৰে কয় যে, বিজেপিয়ে ৰাজ্য চৰকাৰক অস্থিৰ কৰা কাম কৰি আছে। মই বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ৰণনীতি তৈয়াৰ কৰি আছো। ইণ্ডিয়াৰ পৰৱৰ্তী বৈঠক মুম্বাইত হ'ব। সেই বৈঠক যাতে সফল হয় তাৰ বাবে মই কাম কৰি আছো।

পৃথ্বীৰাজৰ মন্তব্য সন্দৰ্ভত শাৰদ পাৱাৰে কয় যে, মই নাজানো কিয় তেওঁ এনে কথা কৈছে। এনে কোনো কথা নাই। সেই বৈঠকৰ কথা মই অস্বীকাৰ নকৰো। পৰিয়ালৰ জ্যেষ্ঠ হিচাপে মই সকলোৰে লগত কথা পাতো। মন্ত্ৰী পদৰ অফাৰ দিয়া কথাতো সম্পূৰ্ণ মিছা। মই দলৰ মূল মানুহ। মোক কোনে অফাৰ দিব। তেওঁ ভতিজাক অজিত পাৱাৰক লগ কৰাতো স্বাভাৱিক বুলি কয়।

বিজেপিয়ে দিছে নেকি কেন্দ্ৰীয় কৃষি মন্ত্ৰী, নীতি আয়োগৰ অধ্যক্ষৰ অফাৰ?  শাৰদ পাৱাৰে ক'লে...
বিজেপিৰ ক'লা অধ্যায়! তদন্ত বিচাৰি ভৱেশ কলিতালৈ পত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in