হিন্দু ধৰ্মলৈ শংকৰাচাৰ্যৰ অৱদান কি? বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰশ্নত দেশজুৰি বিতৰ্ক...

হিন্দু ধৰ্মলৈ শংকৰাচাৰ্যৰ অৱদান কি? বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰশ্নত দেশজুৰি বিতৰ্ক...
হিন্দু ধৰ্মলৈ শংকৰাচাৰ্যৰ অৱদান কি? বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰশ্নত দেশজুৰি বিতৰ্ক...

ডিজিটেল ডেস্কঃ  ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে বিতৰ্ক তুংগত হৈ পৰিছে। বিৰোধী ৰাজনৈতিক দল আৰু নেতাই এই উদ্বোধনী অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও চাৰিগৰাকী শংকৰাচাৰ্যয়ো এই অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকিব বুলি জনাইছে।

তাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানেয়ে শংকৰাচাৰ্যসকলক সমালোচনা কৰাত এতিয়া পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাম মন্দিৰক সমালোচনা কৰাৰ পৰিৱৰ্তে শংকৰাচাৰ্যসকলক আশীৰ্বাদহে কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰোপৰি তেওঁ কয় শংকৰাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পাৰ চাইছে। ৰাম মন্দিৰ ৰাজনীতিৰ ভিত্তিত নহয়, ধৰ্মৰ ভিত্তিতহে নিৰ্মাণ কৰা হৈছে। ৰাম আমাৰ ভগৱান।

তেওঁ প্ৰশ্ন কৰে, শংকৰাচাৰ্যই কওঁক হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোকৰ অৱদান কি? কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই প্ৰশ্নই এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ জ্যোতিষ পীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে কৈছিল যে ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত চাৰিজন শংকৰাচাৰ্য উপস্থিত নাথাকিব। কাৰণ এই অনুষ্ঠানত সনাতন ধৰ্মৰ নিয়ম উলংঘা কৰা হৈছে।

তেওঁ কৈছিল "কাৰো বিৰুদ্ধে আমাৰ কোনো বিদ্বেষ নাই। তেওঁ এইটোও দাবী কৰিছিল যে এই মন্দিৰ খৰখেদাকৈ উদ্বোধন কৰা হৈছিল। মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা শাস্ত্ৰবিৰোধী। তেতিয়াৰ পৰাই বিতৰ্কৰ সৃষ্টি হৈ আছে। অৱশ্যে বিশ্ব হিন্দু পৰিষদে দাবী কৰিছে এই অনুষ্ঠানত দুজন শংকৰাচাৰ্য উপস্থিত থাকিব।

হিন্দু ধৰ্মলৈ শংকৰাচাৰ্যৰ অৱদান কি? বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰশ্নত দেশজুৰি বিতৰ্ক...
খানাপাৰাত ৰাজপথৰ মাজতে বাগৰি পৰিল চিমেণ্ট ভৰ্তি ট্ৰাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in