দোৱা/প্ৰণাম! ছ’চিয়েল মিডিয়াত খলকনি তুলিছে এখন বিশেষ ফটোৱে

দোৱা/প্ৰণাম! ছ’চিয়েল মিডিয়াত খলকনি তুলিছে এখন বিশেষ ফটোৱে

author-image
asomiyapratidin
New Update
দোৱা/প্ৰণাম! ছ’চিয়েল মিডিয়াত খলকনি তুলিছে এখন বিশেষ ফটোৱে

ৰবিবাৰে শেষ নিশ্বাস ত্যাগ কৰে সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে। কিংবদন্তী গায়িকা গৰাকীৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে দেশ। গায়িকা গৰাকীক সমাবেদনা জ্ঞাপন কৰিবলৈ ৰবিবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি বহু গুণমুকগ্ধই।

লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ সময়ৰ অভিনেতা শ্বাহৰুখ খানৰ এখন ছবি ছ'চিয়েল মিডিয়াত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। ফটোত দেখিবলৈ পোৱা গৈছে যে শ্বাহৰুখে দোৱা আৰু তেওঁৰ মেনেজাৰ পূজা ডডলানীয়ে প্ৰণাম কৰি সমবেদনা জ্ঞাপন কৰিছে।

শ্বাহৰুখ খানে ইছলাম ধৰ্মীয় নীতি অনুসৰি আৰু পূজাই হিন্দু ধৰ্ম অনুসৰি শ্ৰদ্ধা জ্ঞাপন কৰা দেখা যায়। এই ফটোই বহুতৰে মন মুহিছে। একাংশই প্ৰশংসাৰে উপচাই পেলাইছে ছ'চিয়েল মিডিয়া।

bollywood lata mangeshkar shshrukh khan viral photo