/asomiyapratidin/media/media_files/2024/12/14/AVOVi0TXHrRFGCckBHYU.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পুনৰ বহু কেইখন বিদ্যালয়ে লাভ কৰিছে বোমা আক্ৰমণৰ ভাবুকি। মাত্ৰ এদিন পূৰ্বে নতুন দিল্লীৰ ৩০ খন বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰাৰ পাছত শনিবাৰেও অনুৰূপ ধৰণে বোমাৰ ভাবুকি লাভ কৰিছে।
দিল্লী আৰক্ষীয়ে জনোৱা মতে দিল্লীৰ ডিপিএছ আৰ কে পুৰম, ৰিয়ান ইণ্টাৰনেচনেল স্কুল, বসন্ত কুঞ্জ আদিয়ে ইমেইলৰ জৰিয়তে বোমাৰ ভাবুকি লাভ কৰিছে।
আৰক্ষীৰ মতে পুৱা ৬-১২ বজাত বিদ্যালয়সমূহে বোমাৰ ভাবুকিৰে ইমেইল লাভ কৰিছে। আৰক্ষীয়ে কয়, আজি পুৱা ৬-১২ বজাত বিদ্যালয়সমূহে বোমাৰ ভাবুকিৰে গ্ৰুপ ইমেইল লাভ কৰিছে। এই মেইল প্ৰেৰণ কৰিছে বেৰী আল্লাহৰ নামত childrenofallah@outlook.com মেইল আইডিৰ জৰিয়তে।
এই খবৰ লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে বোমা নিস্ক্ৰিয় কৰা এটা দলৰ সৈতে বিদ্যালয় কেইখনত উপস্থিত হয় আৰু পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাৰ অন্তত কোনো ধৰণৰ বোমা জাতীয় সামগ্ৰী বিচাৰি নাপালে।
দিল্লী আৰক্ষী আয়ুক্তই এই সন্দৰ্ভত কয়, বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা এই ইমেইলসমূহ বহিঃ ৰাষ্ট্ৰৰ পৰা প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, শুকুৰবাৰেও দক্ষিণ পূব দিল্লীৰ আৰক্ষী আয়ুক্ত ৰবি কুমাৰ সিঙে জনাইছিল দিল্লীৰ ৩০ খন বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰিছিল।
শুকুৰবাৰৰ পূৰ্বে আকৌ প্ৰায় ৪০ খন বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰিছিল আৰু ইমেইলৰ জৰিয়তে ৩০,০০০ ইউ এছ ডলাৰ দাবী কৰিছিল। এই ইমেইল আহিছিল ৮ ডিচেম্বৰৰ নিশা ১১-৩৮ বজাত।
দিল্লীৰ বিদ্যালয়সমূহে এইদৰে বাৰে বাৰে বোমাৰ ভাবুকি লাভ কৰা বিষয়টোক লৈ সৰব হৈছে দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ খুলিছে। তেওঁ এনেধৰণৰে ধাৰাবাহিক ভাবুকিয়ে শিশুৰ মানসিক আৰু শৈক্ষিক দিশত কেনে প্ৰভাৱ পেলাব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে ১৯ নৱেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে বিদ্যালয়সমূহে লাভ কৰা এনে ভুৱা বোমাৰ ভাবুকি সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল।