Advertisment

মহাকুম্ভ মেলাত পদপিষ্টৰ ঘটনাঃ বহু লোকৰ প্ৰাণ হেৰুৱওৱাৰ আশংকা...

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত পদপিষ্টৰ ঘটনা। মৌনী অমাবস্যা উপলক্ষে অমৃত স্নান কৰিবলৈ ত্ৰিবেণী সংঙ্গমস্থলীলৈ ভক্তই দৌৰাদৌৰি কৰাৰ সময়তে এই অঘটন সংঘটিত হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কুম্ভ মেলাত পদপিষ্টৰ ঘটনাঃ বহু লোকৰ প্ৰাণ হেৰুৱওৱাৰ আশংকা...

 ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত পদপিষ্টৰ ঘটনা। মৌনী অমাবস্যা উপলক্ষে অমৃত স্নান কৰিবলৈ ত্ৰিবেণী সংঙ্গমস্থলীলৈ ভক্তই দৌৰাদৌৰি কৰাৰ সময়তে এই অঘটন সংঘটিত হয়।

Advertisment

 

বুধবাৰে সংঘটিত হোৱা এই ঘটনাত আনকি বহু লোকৰ প্ৰাণ যোৱাৰো আশংকা কৰা হৈছে। আহত হৈছে বহুজন লোক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে আৰ এ এফ মোতায়েন কৰিছে।

 

উল্লেখ্য যে, মৌনী অমাৱস্যা উপলক্ষে কোটি কোটি লোকে প্ৰয়াগৰাজত ভিৰ কৰিছে। সকলো ভক্তই বুধবাৰে ত্ৰিবেণী সংগমত 'অমৃত স্নান' কৰিবলৈ একত্ৰিত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অত্যাধিক ভিৰৰ বাবে তীৰ্থযাত্ৰীসকলৰ মাজত হতাহতিও হয়। ফলত বহু লোক ভিৰৰ মাজত আৱদ্ধ হৈ পৰে। 

 

এই ঘটনাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ হয়। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। জানিব পৰা মতে চিকিৎসালয়লৈ লৈ যোৱা বহুতৰে ইতিমধ্যে মৃত্যু হৈছে।

 

ত্ৰিবেণী সংগমত মৌনী অমাৱস্যা উপলক্ষে মঙলবাৰৰ পুৱাৰে পৰাই প্ৰয়াগৰাজত ভক্তৰ ভিৰ বাঢ়িবলৈ আৰম্ভ কৰিছিল। প্ৰশাসনে বাৰে বাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল।

 

জানিব পৰা মতে অত্যাধিক ভিৰৰ বাবে মঙলবাৰে আবেলি মেলা চৌহদৰ বহু বেৰিকেড ভাঙি পেলোৱা হৈছিল। তাৰ মাজতে বুধবাৰে পুৱা প্ৰায় ২ বজাত পদপিষ্টৰ এই ঘটনা সংঘটিত হয়। কিন্তু এই পৰ্যন্ত প্ৰশাসনে হতাহতিৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। আশংকা কৰা মতে এই ঘটনাত অতি কমেও ১০ জন লোকৰ প্ৰাণ গৈছে। 

 

তাৰ পাছতে ঘটনাস্থলীত থকা একাধিক এম্বুলেন্সৰ সহায়ত আহতসকলক হাস্পতাললৈ লৈ যোৱা হৈছে। মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বে ১৯ জানুৱাৰীত কুম্ভ মেলাত জুই লাগিছিল। এই ঘটনাত গীতা প্ৰেছৰ তম্বু জ্বলি উঠিছিল। তাৰ পৰা অন্যান্য তম্বুলৈয়ো জুই বিয়পি পৰিছিল।  

 

তাৰ পাছত পদপিষ্টৰ এই ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰয়াগৰাজৰ সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথৰ সৈতে যোগাযোগত আছে। কেন্দ্ৰই এই ক্ষেত্ৰত ৰাজ্যখনক সকলোধৰণৰ সহযোগিতা কৰাৰ আশ্বাস দিছে। 

 

উত্তৰপ্ৰদেশ মহাকুম্ভ মেলা