কয়লাখনিত বিস্ফোৰণঃ ৭ জনকৈ শ্ৰমিকে হেৰুৱালে প্ৰাণ...

বীৰভূমত সংঘটিত হোৱা এই ঘটনাক লৈ ব্যাপক উত্তেজনা

author-image
Asomiya Pratidin
New Update
কয়লাখনিত বিস্ফোৰণঃ ৭ জনকৈ শ্ৰমিকে হেৰুৱালে প্ৰাণ...

কয়লাখনিত বিস্ফোৰণঃ ৭ জনকৈ শ্ৰমিকে হেৰুৱালে প্ৰাণ...

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ মাজতে পশ্চিমবংগত আজি এক কৰুণ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনৰ বীৰভূম অঞ্চলৰ এটা কয়লাখনিত বিস্ফোৰণৰ ফলত ৭ জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে।

Advertisment

এই ঘটনাৰ পাছত উদ্ধাৰকাৰীয়ে প্ৰথমে ৫ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে যদিও পাছত আন দুজন শ্ৰমিকো খনিৰ ভিতৰতে আৱদ্ধ হৈ থকা বুলি জানিব পাৰে। পাছত তেওঁলোকৰো মৃতদেহ উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে, বীৰভূমৰ ভাদুলিয়াৰ গঙ্গাৰামচক কয়লাখনিত সংঘটিত হৈছে এই ঘটনা। এতিয়াও খনিৰ ভিতৰত আন শ্ৰমিক আৱদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে। সেয়েহে উদ্ধাৰ কাৰ্য অব্যাহত আছে। ইফালে ঘটনাত কেইবাজনো শ্ৰমিক আহত হৈছে। তেওঁলোকক স্থানীয় হাস্পতালত ভৰ্তি কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে সোমবাৰে পুৱা গঙ্গাৰামচক কয়লাখনিত কয়লা খননৰ বাবে বিস্ফোৰণ ঘটোৱা হৈছিল। কিন্তু সেই সময়ত খনিৰ ভিতৰত শ্ৰমিকৰ কাম চলি আছিল। এই কথাৰ প্ৰতি আওকান কৰি চৰম দায়িত্বহীনতাৰে বিস্ফোৰণ ঘটোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।

পাছত ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি খনিৰ শীৰ্ষ স্থানীয় বিষয়াসকলে সেই স্থানৰ পৰা পলায়ন কৰে। ইফালে শ্ৰমিকসকলে এই ঘটনাৰ পাছতে পৰিস্থিতি উত্তাল কৰি তোলাত নিয়ন্ত্ৰণ কৰিবলৈ বিশাল সুৰক্ষা বাহিনী নিয়ন্ত্ৰণ কৰা হৈছে।

উল্লেখ্য যে, বিস্ফোৰণ সংঘটিত হোৱা এই কয়লাখনি পিডিচিএলৰ লীজত আছে। পিডিচিএল এটা ৰাজ্য চৰকাৰৰ অধীনৰ সংস্থা। অসাৱধানতাৰ বাবেই সংঘটিত হোৱা এই বিস্ফোৰণৰ বাবে কোন দায়ী সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে মাত্ৰ কেইটামান দিনৰ পূৰ্বে বীৰভূমত কয়লা খনিত আন ৩ জন শ্ৰমিকৰ মৃত্যু হৈছিল।

Also Read: শ্ৰীলংকা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে জয়সূৰ্যক নিযুক্তি...

কয়লাখনি বিস্ফোৰণ কলকাতা বীৰভূম