/asomiyapratidin/media/media_files/2025/04/25/pBO6FKAP8E5THx3NOZCz.jpg)
ডিজিটেল ডেস্কঃ ২২ এপ্ৰিল, মঙলবাৰৰ পেহেলগামৰ আক্ৰমণৰ পাছত এতিয়া দেশত বিৰাজ কৰিছে যুদ্ধ সদৃশ পৰিবেশ। ভাৰতৰ আকাশত দেখা গৈছে যুদ্ধৰ ডাৱৰ। এনে পৰিস্থিতিত ভাৰতে বিচ্ছিন্ন কৰিছে পাকিস্তানৰে বহু কেইটা কূটনৈতিক সম্পৰ্ক।
ভাৰতীয় স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাই আৰম্ভ কৰিছে সামৰিক অনুশীলন। এনে এক স্পৰ্শকাতৰ পৰিস্থিতিত ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতীয় শ্বেয়াৰ বজাৰতো। হ্ৰাস পাইছে চেন্সেক্সৰ পইণ্ট। শুকুৰবাৰে শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ পাছতে চেন্সক্সৰ মূল্য কিছু বৃদ্ধি হৈছিল।
পুৱা প্ৰথম অৱস্থাত প্ৰায় ৩০০ পইণ্ট পৰ্যন্ত চেন্সক্স বৃদ্ধি হৈছিল যদিও বজাৰ আগবঢ়াৰ লগে লগে শ্বেয়াৰ বজাৰত লাহে লাহে পতন আৰম্ভ হয়। ফলত প্ৰায় ১২০০ পইণ্ট হ্ৰাস পাইছে চেন্সক্সত। একেদৰে নিফটিও প্ৰায় ৪০০ পইণ্ট হ্ৰাস পাইছে।
এনে পৰিস্থিতিত আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে স্মলকেপ আৰু মিডকেপ। তেওঁলোকৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৩ শতাংশ হ্ৰাস পাইছে। ভাৰতীয় শ্বেয়াৰ বজাৰত আজিৰ দিনটোত বিনিয়োগকাৰীৰ লোকচান প্ৰায় ১০ লাখ কোটি টকা।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এৰা ধৰা কৰাৰ পাছত ভাৰতৰ শ্বেয়াৰ বজাৰখনে টাৰ্ণ আউটৰ আশা কৰিছিল। কিন্তু পেহেলগাম আক্ৰমণৰ পিছত সেই আশা পুনৰ নিৰ্বাপিত হ’ল।
বিশ্লেষকসকলৰ মতে পেহেলগাম আক্ৰমণৰ বাবেই শুকুৰবাৰে শ্বেয়াৰ বজাৰত এনে পতন হ’ল। এই আক্ৰমণৰ ফলত পৰিবৰ্তিত পৰিস্থিতিয়েই এই পতনৰ মূল কাৰণ। ইতিমধ্যে ভাৰত চৰকাৰে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰি একাধিক কঠোৰ সিদ্ধান্ত লৈছে।
যাৰ ভিতৰত আছে সিন্ধু জল চুক্তি। এই চুক্তি বাতিল কৰাৰ পাছতে পাকিস্তানেও ইয়াক যুদ্ধৰ সমান বুলি গন্য কৰিছে। তাৰোপৰি সামৰিক বাহিনীয়েও সমৰ সজ্জা আৰম্ভ কৰিছে। সীমান্তত ঘনে ঘনে উৰিছে ৰাফেল যুদ্ধ বিমান। জানিব পৰা মতে পাকিস্তানেও সীমান্তত বৃদ্ধি কৰিছে সেনা।
দুয়ো দেশৰ মাজত দেখা এনে যুদ্ধ পৰিস্থিতিয়ে প্ৰভাৱ পেলাইছে শ্বেয়াৰ বজাৰত। আই চি আই চি আই ছিকিউৰিটিৰ মুৰব্বী পংকজ পাণ্ডেয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে পাকিস্তানৰ সৈতে বৰ্তমানৰ সম্পৰ্ক চিন্তাৰ বিষয়। ভৱিষ্যতে এই সম্পৰ্ক কোন দিশলৈ যাব সেই অনিশ্চয়তাই বজাৰত প্ৰভাৱ পেলাইছে।