সুৰক্ষা কৰ্মী আৰু মাওবাদীৰ সংঘৰ্ষত ৬ জন নিহত...

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা

author-image
Asomiya Pratidin
New Update
সুৰক্ষা কৰ্মী আৰু মাওবাদীৰ সংঘৰ্ষত ৬ জন নিহত...

সুৰক্ষা কৰ্মী আৰু মাওবাদীৰ সংঘৰ্ষত ৬ জন নিহত...

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাৰে পৰা ছত্তিশগড়ত সুৰক্ষা কৰ্মী আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ছত্তিশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হোৱা এই সংঘৰ্ষত ৬ জনকৈ মাওবাদী নিহত হৈছে। নিহত সকলৰ ৬ টা মৃতদেহেই উদ্ধাৰ কৰিছে সুৰক্ষা কৰ্মীয়ে।

Advertisment

উল্লেখ্য যে, বিজাপুৰ জিলাৰ চিকুৰবাট্টি-পুস্পবকাৰ কাষৰ অৰণ্য অঞ্চলত সংঘটিত হোৱা এই সংঘৰ্ষৰ সময়ত সুৰক্ষা কৰ্মীৰ দলটোত আছিল ডি আৰ জি, চি আৰ পি এফ ২২৯, কোব্ৰাৰ জোৱান।

এই সংঘৰ্ষৰ সন্দৰ্ভত বিজাপুৰৰ আইজি পি সুন্দৰ ৰাজে কয়, বাছাগুড়া আৰক্ষী থানাৰ এলেকাত সংঘটিত হোৱা এই সংঘৰ্ষৰ পাছত ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে ৪ টা মৃতদেহ পুৰুষৰ আৰু দুটা মহিলাৰ।

ইয়াৰোপৰি মাওবাদীয়ে যোগাযোগ মাধ্যম হিচাপে ব্যৱহাৰ কৰা সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত অধিক অভিযান অব্যাহত আছে। অভিযানত অংশলোৱা সকলো সুৰক্ষা কৰ্মী সুৰক্ষিত হৈ আছে।

Also Read: যুৱ ব্যৱসায়ী ৰঞ্জিৎ বৰাৰ অকাল মৃত্যুত শোকস্তব্ধ কুৰুৱাবাহীবাসী...

ছত্তিশগড়