/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a96c25f5-cd2d-4776-9ea1-02b9c819ab1e/cjy.jpg)
ডিজিটেল ডেস্ক : ন্যায় আৰু ন্যায়ালয় কেৱল উচ্চ শিক্ষিতৰ বাবে নহয় বৰং ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনৰ সাধাৰণ নাগৰিকৰ বাবেও যে সেই কথা প্ৰমাণ কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে । গণৰাজ্য দিৱস উপলক্ষে সৰ্বমুঠ ১,২৬৮ টা বিচাৰ প্ৰক্ৰিয়াৰ শুনানী ১৩ টা ভাষাত কৰিলে উচ্চতম ন্যায়ালয়ে । যাতে, স্থানীয় ভাষাসমূহতো সাধাৰণ ৰাইজে লাভ কৰিব পাৰে সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়াৰ গূঢ়াৰ্থ ।
এই সন্দৰ্ভত, বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়া দিনটোৰ বাবে আৰম্ভ হোৱাৰ পূৰ্বেই মুখ্য ন্যায়াধীশ গৰাকীয়ে বিচাৰপীঠক উদ্দেশ্যি মন্তব্য প্ৰদান কৰে যে, প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ বাবে মুঠ ১,০৯১ টা গোচৰ হিন্দীলৈ, ২১ টা ওডীয়ালৈ, ১৪ টা মাৰাঠীলৈ, ৪ টা অসমীয়ালৈ, এটা গাৰোলৈ, ১৭ টা কান্নাড়ালৈ, এটা খাচীলৈ, ২৯টা মালায়লমলৈ, ৩ টা নেপালীলৈ, ৪ টা পাঞ্জাবীলৈ, ৫২ টা তামিললৈ, ২৮টা তেলেগুলৈ আৰু ৩ টা উৰ্দুলৈ ইতিমধ্যে তৰ্জমা কৰা হৈছে ।
এই শুনানী কেইটা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰিপ'ৰ্টেবল জাজমেন্টৰ পোৰ্টেল অৰ্থাৎ ই-এচ চি আৰত উপলব্ধ কৰা হৈছে । যি উচ্চতম ন্যায়ালয়ৰ শুনানীৰ ইলেক্ট্ৰ'নিক ভাৰ্জন । যাৰ ফলত এই ৱেবছাইটো ব্যৱহাৰকাৰী এজনে অতি সহজেই শুনানী সংক্ৰান্তীয় শব্দ চাৰ্চ কৰি লাভ কৰিব পাৰিব সেই বিশেষ শব্দটোৰ সৈতে জড়িত বিচাৰসমূহৰ তথ্য ।
ফলত এতিয়া উপৰোক্ত স্থানীয় ভাষা সমূহতো চাৰ্চ কৰিব পৰা যাব বিচাৰসমূহৰ ফলাফল । কেৱল এয়াই নহয় বৰং ইংৰাজীৰ সৈতেই উপলব্ধ আন স্থানীয় ভাষাসমূহৰ বিপৰিতে থকা শুনানীসমূহক কেৱল ভাষাৰ জৰিয়তেও চাৰ্চ কৰিব পাৰিব এই ৱেবছাইটটোত । অৰ্থাৎ অসমীয়া ভাষা চিনাক্ত কৰিলে, অসমীয়া ভাষাত ৱেবছাইটোত থকা সকলো তথ্য লাভ কৰিব এগৰাকী ব্যক্তিয়ে ।
উল্লেখ্য যে, ভাৰতীয় বিচাৰ ব্যৱস্থাত বহু ক্ষেত্ৰত ইংৰাজী ভাষাৰ আধিপত্য দেখাৰ ওপৰিও ঔপনিৱেশিক মনোবৃত্তিও ইয়াৰ পূৰ্বে পৰিলক্ষিত কৰা হৈছিল । উদাহৰণস্বৰূপে, ন্যায়াধীশ এগৰাকীক কৰা সম্বোধনটোও ইংৰাজৰ ঔপনিৱেশিক মনোবৃত্তিৰেই ফল ।
আনহাতে, সৰ্বদা ব্যৱহৃত 'ছাৰ' সম্বোধনটো অথবা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰো এই ঔপনিৱেশিক মানসিকতাৰেই ফল । তেনেস্থলত লেহেমীয়া গতিত হ'লেও, হৈ থকা পৰিৱৰ্তন অথবা পদক্ষেপ সমূহ নিশ্চয়কৈ প্ৰশংসনীয় ।
আৰু পঢ়ক : ইন্দিবৰ দেউৰী: এগৰাকী বিদগ্ধ সমাজবিজ্ঞানী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us