/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/832d7a69-2b81-4061-a98b-25e271fedd82/AP_FOR_WEB_abortion.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলাৰ গৰ্ভপাত সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। ২৬ সপ্তাহৰ গৰ্ভৱতী মহিলাগৰাকীয়ে গৰ্ভপাত কৰাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।সেই আবেদন খাৰিজ কৰে ন্যায়ালয়ে।
ন্যায়ালয়ে কয় যে, আমি হৃদস্পন্দন বন্ধ কৰিব নোৱাৰো। পৃথিৱীত শিশুৰ জন্মৰ ক্ষেত্ৰত কোনো বাধা নাই। ন্যায়ালয়ে কয় যে এইমছৰ প্ৰতিবেদন অনুসৰি - শিশুটোৰ কোনো অস্বাভাৱিকতা নাই। এইমছে প্ৰসৱ সময়মতে সম্পন্ন কৰিব।
মুখ্য ন্যায়াধীশে কয় যে, গৰ্ভধাৰণৰ সময় ২৬ সপ্তাহ আৰু ৫ দিন। এনে অৱস্থাত গৰ্ভপাত কৰাৰ অনুমতি দিয়া এমটিপি আইনৰ ধাৰা ৩ আৰু ৫ ৰ উলংঘন হ'ব। কিয়নো ইয়াৰ বাবে মাতৃৰ কোনো ভাবুকি নাই আৰু ভ্ৰূণটোও স্বাভাৱিক অৱস্থাত আছে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, আমি হৃদস্পন্দন বন্ধ কৰিব নোৱাৰো। এইমছৰ দ্বাৰা উপযুক্ত সময়ত প্ৰসৱ কৰা হ'ব। যদি দম্পতীহালে শিশুটোক আন কাৰোবাক এডপ্ট কৰাব বিচাৰে তেন্তে কেন্দ্ৰই সহায় কৰিব। এই বিকল্পটো পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে।
উল্লেখ্য যে, দিল্লীৰ নিৱাসী মহিলাগৰাকীয়ে তৃতীয় বাৰৰ বাবে গৰ্ভৱতী হৈছিল আৰু সেই কথা তেওঁ গম পোৱা নাছিল। কিয়নো তেওঁৰ কিছুমাহ পূৰ্বে জন্ম হোৱা সন্তানক স্তনপান কৰাই আছিল।চিকিৎসা বিজ্ঞান অনুসৰি এই সময়চোৱাত গৰ্ভধাৰণৰ সম্ভাৱণা কম থাকে। কিন্তু মহিলাগৰাকীয়ে সেই সময়তে গৰ্ভৱতী হয় আৰু পাছত সেই কথা গম পায়।
মহিলাগৰাকীৰ ডাঙৰ সন্তানৰ বসয় ৪ বছৰ আৰু সৰু সন্তানটিৰ বয়স ১ বছৰ হও হও। এই সময়চোৱাত আৰ্থিক সংকটৰ বাবেও যুঁজি আছে পৰিয়ালটো। যাৰ বাবে গৰ্ভপাতৰ অনুমতি বিচাৰিছিল ।
Also Read: প্ৰথমে পূজা পাছত হত্যাৰ ব্লু প্ৰিন্টঃ ৩ বাৰকৈ বিয়া হোৱা গীতাশ্ৰীয়ে প্ৰেমিকৰ সৈতে মিলি কৰিলে সকলো...