/asomiyapratidin/media/media_files/2025/02/07/AsH46SDvrjBHKbf87yCy.png)
ডিজিটেল ডেস্কঃ ‘’আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যদি ভাৰতীয় অবৈধ প্ৰৱাসীক বিমানত তুলি নিজৰ দেশলৈ পঠিয়াব পাৰে তেন্তে বাংলাদেশীৰ ক্ষেত্ৰত একেই পদক্ষেপ লোৱাত মোডী চৰকাৰ অসুবিধা কি?’’- শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অসমত বন্দী হৈ থকা ৬৩ বাংলাদেশীৰ প্ৰসংগত এই প্ৰশ্ন উত্থাপন কৰিছে।
উল্লেখ্য যে, অসমৰ ট্ৰাঞ্জিত কেম্পত বন্দী হৈ আছে ৬৩ বাংলাদেশী। এই বাংলাদেশী নাগৰিকৰ প্ৰত্যাৰ্পণৰ গোচৰতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু এ এছ ওকাই এই প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে এই ৬৩ বাংলাদেশীক প্ৰত্যাৰ্পণৰ বাবে দুসপ্তাহৰ ভিতৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰক।
ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে প্ৰশ্ন কৰি কয়, ট্ৰাম্পে যদি বেআইনী প্ৰৱাসীসকলৰ ক্ষেত্ৰত এনে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব পাৰে তেন্তে নৰেন্দ্ৰ মোডী চৰকাৰৰ অসুবিধা ক’ত? ২০০৯ চনৰ নৱেম্বৰত জাৰি কৰা কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনাৰ অনুচ্ছেদ ২(৫) ধাৰাত স্পষ্টকৈ কোৱা হৈছিল যে চিনাক্তকৰণ, প্ৰমাণীকৰণ আৰু প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
উল্লেখ্য আবেদনকাৰীয়ে শীৰ্ষ আদালতত অভিযোগ কৰিছিল যে, ৬৩ জন বাংলাদেশী নাগৰিকক কেইবা বছৰ ধৰি অসমৰ ট্ৰেঞ্জিত কেম্পত ৰখা হৈছিল। এই বিষয়তে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সোঁৱৰাই দি কয় যে, বিনা বিচাৰে অনিৰ্দিষ্ট কাললৈ বন্দী কৰি ৰখাটো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২১ (মৌলিক অধিকাৰ সম্পৰ্কীয়) উলংঘন।
ট্ৰেঞ্জিত কেম্পত আটক হোৱা ৬৩ জনক কেন্দ্ৰই বাংলাদেশী হিচাপে চিহ্নীত কৰিলেও এতিয়ালৈকে তেওঁলোক কোন দেশৰ সেয়া তথ্য সহকাৰে প্ৰমাণ কৰিব পৰা নাই। যিসকলক বাংলাদেশী বুলি কোৱা হৈছে, ঢাকাই সেইসকলক বাংলাদেশী নাগৰিক হিচাপে মানি ল’বলৈ নাৰাজ। এতিয়ালৈকে এই ৬৩ জন লোকৰ প্ৰকৃত ঠিকনাও জানিব পৰা হোৱা নাই।
উচ্চতম ন্যায়ালয়ে এই প্ৰসংগত কয় যে, বিদেশী হিচাপে চিহ্নীত হ’লে অবিলম্বে তেওঁলোকক নিজৰ দেশলৈ প্ৰেৰণ কৰাৰ দায়িত্ব চৰকাৰৰ। ঠিকনা নজনাৰ অজুহাত দেখালে নহ’ব। আটকহোৱা অবৈধ নাগৰিক প্ৰকৃততে যিদেশৰ, সেই দেশৰ ৰাজধানীলৈ প্ৰেৰণ কৰিব লাগিব।
স্মৰ্তব্য, আমেৰিকাত বাস কৰি থকা অবৈধ ভাৰতীয়ক লৈ বুধবাৰে আমেৰিকাৰ পৰা মাৰ্কিনে সেনা বাহিনীৰ চি-১৭ বিমান আহি শ্ৰী গুৰু ৰামদাসজি বিমানবন্দৰত অৱতৰণ কৰিছিল। মঙলবাৰে টেক্সাছৰ পৰা উৰা মৰা এই বিমানত অবৈধ ভাৰতীয়ক হাতে, ভৰিয়ে শিকলি বান্ধি লৈ অনা হৈছিল। এইসকলৰ ভিতৰত আছিল ২৫ গৰাকী মহিলা আৰু ১২ টা শিশুও। আজি উচ্চতম ন্যায়ালয়ে অবৈধ বাংলাদেশীক বিতাৰণৰ ক্ষেত্ৰতো এই প্ৰসংগই উল্লেখ কৰিলে।