/asomiyapratidin/media/media_files/2025/03/24/ktFRwPkvoWX8xniT2zzC.jpg)
ডিজিটেল ডেস্কঃ গ্ৰাহকে ব্যৱহাৰ কৰা এ টি এমৰ চাৰ্জৰ নামত পৰা ভাৰতীয় ষ্টেট বেংকে সংগ্ৰহ কৰা ধনৰ পৰিমাণ জানিলে আচৰিত হ’ব আপুনি। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰিয়েই বেংকসমূহে গ্ৰাহকে ব্যৱহাৰ কৰা এ টি এমৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব লাগে।
তথ্য অনুসৰি ভাৰতীয় ষ্টেট বেংকে তেওঁলোকৰ গ্ৰাহকৰ পৰা এ টি এম ব্যৱহাৰ কৰাৰ নামতে যোৱা ৫ টা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰিছে ২০০০ কোটি টকাতকৈ অধিক ধন। ২০২১ চনৰ জুন মাহত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বিভিন্ন বেংকৰ এ টি এম কাৰ্ড ব্যৱহাৰ সন্দৰ্ভত এক গাইডলাইন জাৰি কৰিছিল।
সেই অনুসৰি এটা নিৰ্দিষ্ট বেংকৰ এ টি এম কাৰ্ড গ্ৰাহকে মাহে নিজা বেংকৰ এ টি এমত মুঠ ৫ বাৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বিপৰীতে মেট্ৰ’ চহৰত আকৌ তিনি বাৰ আৰু নন-মেট্ৰ’ চহৰত মুঠ ৫ বাৰলৈ বিনামূলীয়াকৈ অন্য বেংকৰ এ টি এম ব্যৱহাৰৰ সুযোগ দিয়া হৈছিল।
ইয়াতকৈ অধিক বাৰৰ বাবে এটিএম ব্যৱহাৰ কৰিলে প্ৰতিবাৰেই ইয়াৰ বাবে চাৰ্জ ভৰিব লগীয়া হয় গ্ৰাহকে। ৰিজাৰ্ভ বেংকে এনে চাৰ্জ সৰ্বাধিক ২১ টকা নিৰ্ধাৰণ কৰিছিল।
সোমবাৰে সংসদত বেংকসমূহে গ্ৰাহকৰ পৰা এই চাৰ্জৰ নামত কিমান ধন সংগ্ৰহ কৰিছে সেই বিষয়ে উত্থাপন হোৱা এক প্ৰশ্নত এই বিষয়ে তথ্য প্ৰদান কৰিছে বিত্ত মন্ত্ৰণালয়ে। তৃণমূল কংগ্ৰেছৰ সাংসদ মালা ৰায়ে উত্থাপন কৰা এই সংক্ৰান্তিয় এক প্ৰশ্নত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জনাই যে, ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈকে এ টি এম অতিৰিক্ত ব্যৱহাৰৰ বাবে চাৰ্জৰ নামত এছ বি আইয়ে ২০৪৩ কোটি টকা উপাৰ্জন কৰিছে।
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এই নিয়ম কাৰ্যকৰী হোৱাৰ সময়ত গ্ৰাহকে সঠিকভাৱে নজনাৰ বাবে মাত্ৰ এটা বিত্তীয় বৰ্ষতে ৬৫৬ কোটি টকা চাৰ্জ হিচাপে ভৰিবলগীয়া হৈছিল। সেয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এই চাৰ্জৰ পৰিমাণ ৰিজাৰ্ভ বেংকে পাছত হ্ৰাস কৰিছিল।
২০২০-২১ বিত্তীয় বৰ্ষত কোভিডৰ সময়ছোৱাত এছ বি আইয়ে গ্ৰাহকৰ পৰা এই ব্যৱস্থাৰ অধীনত সৰ্বনিম্ন ২২৮ কোটি টকা সংগ্ৰহ কৰিছিল। বিগত পাঁচটা বিত্তীয় বৰ্ষত এছ বি আইৰ উপৰি পি এন বিয়ে ৯০.৩৩ কোটি, কানাড়া বেংকে ৩১.৪২ কোটি টকা উপাৰ্জন কৰিছে।