সভাপতি পদৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা শশী থাৰুৰ...

শনিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ নেতা শশী থাৰুৰ

author-image
Asomiya Pratidin
New Update
সভাপতি পদৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা শশী থাৰুৰ...

sashi tharoor

ডিজিটেল ডেস্ক : শনিবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ নেতা শশী থাৰুৰ। ১৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী।

Advertisment

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ বাবে কিছুদিন আগতে অসমলৈ আহিছিল সভাপতি পদৰ অন্য এজন প্ৰাৰ্থী মল্লিকা অৰ্জুন খাৰ্গে। কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি পদৰ বাবে শশী থাৰুৰ আৰু মল্লিকা অৰ্জুন খাৰ্গেৰ মাজত অনুষ্ঠিত হব সভাপতিৰ নিৰ্বাচন।

গুৱাহাটীত উপস্থিত হৈ শশী থাৰুৰ বিমানবন্দৰ পৰা পোনে পোনে ৰাজীৱ ভৱনলৈ ৰাওনা হয়। বিমানবন্দৰত শশী থাৰুক আদৰণি জনাই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ কেইবাজনো নেতাই।

assam india sashi tharoor indian national congress