/asomiyapratidin/media/media_files/2025/06/20/new-ap-web-kedarnath-2025-06-20-11-09-25.jpg)
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ সময়ত হেলিকপ্টাৰ সেৱাৰ সুৰক্ষাক লৈ নানান প্ৰশ্নৰ উদয় হৈছে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ধাৰাবাহিকভাৱে চাৰিধাম যাত্ৰাৰ হেলিকপ্টাৰ সেৱাত হোৱা দুৰ্ঘটনাই যাত্ৰীৰ সুৰক্ষা, নিৰাপত্তাক লৈ প্ৰশ্ন উঠাৰ সমান্তৰালকৈ বিতৰ্কৰো সূচনা হৈছে।
এনে পৰিস্থিতিত সাময়িকভাৱে চাৰি ধাম যাত্ৰাৰ বিমানসেৱা বাতিল কৰা হৈছিল যদিও পুনৰ উত্তৰাখণ্ড চৰকাৰে এই সেৱা আৰম্ভ কৰিছে। ১৫ জুনত কেদাৰনাথৰ কাষত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত সাতজন লোকৰ মৃত্যু হৈছিল। যাৰ ভিতৰত আছেল এজন পাইলট আৰু এটা শিশুও।
উল্লেখ্য য, চলিত বছৰত চাৰিধাম যাত্ৰাৰ সময়ত মুঠ পাঁচবাৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ ভিতৰত তিনিখন হেলিকপ্টাৰেই দুৰ্ঘটনাত পতিত হৈছে কেদাৰনাথ উপত্যকাত। ইয়াৰ পিছতে হেলিকপ্টাৰ সেৱাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক মহলতো বিতৰ্কৰ সূচনা কৰিছে।
প্ৰতিকূল বতৰেই দুৰ্ঘটনাৰ মুখ্য কাৰণ!
ধাৰাবাহিকভাৱে সংঘটিত হোৱা এই দুৰ্ঘটনা সন্দৰ্ভত ৰুদ্রপ্ৰয়াগৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে কয়, “কেদাৰনাথ উপত্যকাত হেলিকপ্টাৰ সেৱাত সৰ্বাধিক প্ৰভাৱ পৰে প্ৰতিকূল বতৰৰ বাবে। এই উপত্যকাত প্ৰতি পাঁচ মিনিটত বতৰ সলনি হয়। কেতিয়াবা বৰষুণ, কেতিয়াবা কুঁৱলীয়ে দৃশ্যমান কমাই আনে।”
তেওঁ লগতে উল্লেখ কৰে যে, বৰ্তমান এই উপত্যকাত ৯টা হেলিকপ্টাৰ কোম্পানীয়ে সেৱা আগবঢ়াই আছে। ইয়াৰ এখন হেলিকপ্টাৰে এদিনে ২০ ৰ পৰা ৩০বাৰ যাতায়াত কৰে। ফলত পাইলটৰ ওপৰতো গভীৰ চাপ সৃষ্টি কৰে।
Air Traffic Control ৰ অভাৱ
কেদাৰনাথ উপত্যকাত হেলিকপ্টাৰ সেৱাই সন্মুখীন হোৱা সৰ্ববৃহৎ সমস্যাটো হ’ল এয়াৰ ট্ৰাফিক কন্ট্ৰ’ল (ATC) ব্যৱস্থাৰ অভাৱ। কেদাৰনাথত হেলিকপ্টাৰৰ সঠিক নিয়ন্ত্ৰণ ব্যৱস্থা নাই।
অপাৰেটৰসকলৰ মাজত একো সঁজুলি নাই যাৰ সহায়ত তেওঁলোকে পৰস্পৰক বতৰৰ সঠিক তথ্য দি পৰিস্থিতি সন্দৰ্ভত সহজে বুজিব পাৰে। এইক্ষেত্ৰত অৱসৰপ্ৰাপ্ত এভিয়েচন বিশেষজ্ঞ ড° ৰাজীৱ ধৰে বি বি চিৰ আগত প্ৰকাশ কৰি কয় যে, “পাহাৰীয়া অঞ্চলত বতৰৰ পৰিস্থিতি অতি গুৰুত্বপূৰ্ণ। এটা ইঞ্জিনৰ হেলিকপ্টাৰত প্ৰায় বেছি সুবিধা নাথাকে। ইয়াত নাথাকে ৱেদাৰ ৰাডাৰো।”
তেওঁ সেয়ে উত্তৰাখণ্ডৰ চৰকাৰক পৰামৰ্শ দিছে এই উপত্যকাত ডাবল ইঞ্জিন হেলিকপ্টাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে। এই বিষয়টোক গভীৰভাৱে ল’বলৈয়ো আহ্বান জনাইছে।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ
১৫ জুনৰ দুৰ্ঘটনাৰ পাছত কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰণালয়ে Aryan Aviationৰ সকলো সেৱা বাতিল কৰিছে। লগতে, প্ৰতিকূল বতৰত হেলিকপ্টাৰ উৰুৱাই নিয়াৰ বাবে দুই পাইলটৰ লাইচেঞ্চ ছয় মাহলৈ নিলম্বন কৰা হৈছে।
প্ৰাথমিক অনুসন্ধানত পোৱা গৈছে যে হেলিকপ্টাৰখন "Controlled Flight Into Terrain" (CFIT) দুৰ্ঘটনাৰ চিকাৰ হৈছিল। অৰ্থাৎ দৃশ্যমনতা হ্ৰাস পোৱাৰ বাবে হেলকিপ্টাৰখনে কঠিন ভৌগলিক অঞ্চলত খুন্দা খাইছিল।
এই ঘটনাৰ পিছতে উত্তৰাখণ্ড চৰকাৰেও ইউকাডা আৰু DGCAক নির্দেশ দিছে যাতে সকলো অপাৰেটৰ আৰু পাইলটৰ শাৰীৰিক আৰু প্ৰযুক্তিগত পৰীক্ষা কৰা হয়।
উত্তৰাখণ্ড চৰকাৰক তীব্ৰ সমালোচনা বিৰোধীৰ
উত্তৰাখণ্ডত চাৰিধাম যাত্ৰাৰ সময়ছোৱাত হোৱা এই ধাৰাবাহিক হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ শাসকীয় চৰকাৰক বিৰোধী কংগ্ৰেছে সমালোচনাৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছৰ উপ-সভাপতি সূর্যকান্ত ধস্মানাই কয়, “চাৰিধাম যাত্ৰা আৰম্ভ হোৱাৰ এক মাহৰ ভিতৰত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। এইটো চৰকাৰৰ অব্যৱস্থাপনাৰ ফল। সুৰক্ষা নীতি প্ৰয়োগত সম্পূৰ্ণ ব্যৰ্থ হৈছে।”
কংগ্ৰেছ মুখপাত্ৰ গৰিমা মেহৰা দাসোনীয়ে কয়, “চৰকাৰ কেৱল চাৰিধাম যাত্ৰাৰ যাত্ৰীৰ সংখ্যা লৈহে উৎসাহী হৈ থকা দেখা যায়, সুৰক্ষা প্ৰটোকলৰ প্ৰতি গুৰুত্ব নাই।”
চাৰিধাম যাত্ৰাৰ সময়ত সংঘটিত হোৱা এই ধৰণৰ দুৰ্ঘটনাই যাত্ৰীৰ জীৱনকে বিপদাপন্ন কৰা নাই বৰঞ্চ উত্তৰাখণ্ডৰ ৰাজ্যিক পৰ্যটন আৰু চৰকাৰৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। বিশেষজ্ঞ আৰু ৰাজনৈতিক মহলে এক সুসংহত আৰু উচ্চ-প্ৰযুক্তিসম্পন্ন নিয়ন্ত্ৰণ আৰু সুৰক্ষা ব্যৱস্থা অবিলম্বে প্ৰৱর্তন কৰাৰ দাবী উত্থাপন কৰিছে।