'জনসাধাৰণে অৰ্থব্যৱস্থা শক্তিশালী কৰাৰ সুযোগ লাভ কৰিছে, সেয়ে বিজেপিক আদৰি লৈছে'- সৰ্বানন্দ সোণোৱাল...

ডিজিটেল ডেস্কঃ চাৰে ন বছৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি বিকাশৰ গেৰাণ্টি দিছিল সেই বিকাশ সম্ভৱ হৈ পৰিছে। সেয়ে নৰেন্দ্ৰ মোডীৰ ওপৰত জনতাৰ বিশ্বাস আছে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

চাৰিখন ৰাজ্যৰ ভোটগণনা চলি থকাৰ মাজতে ৩ খন ৰাজ্যত বিজেপিৰ বিজয় নিশ্চিত হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক শুভেচ্ছা জনোৱাৰ লগতে ধন্যবাদো জ্ঞাপন কৰে। তেওঁলোকৰ সঠিক ৰণকৌশল আৰু পৰিকল্পনাৰ বাবেই এইদৰে বিজয় সাব্যস্ত কৰাৰ লগচে কাৰ্যকৰ্তাৰ মনোবল বৃদ্ধি হোৱা বুলিও উল্লেখ কৰিছে।

তেওঁ কয়, ''চাৰে ন বছৰৰ পূৰ্বে পৰম আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিকাশৰ যি গেৰাণ্টি দিছিল সেই বিকাশ সম্ভৱ কৰি তুলিছে। সকলো জনসাধাৰণে আজি এই বিকাশৰ কাৰ্যক্ৰমৰ পৰা লাভাম্বিত হৈছে। সামাজিক সুৰক্ষা লাভ কৰিছে। তেওঁলোকে অৰ্থ ব্যৱস্থা শক্তিশালী কৰিবলৈ সোণোলী সুযোগ লাভ কৰিছে।''

তেওঁ কয়, ''সৰ্ব সাধাৰণক সন্মানেৰে জীয়াই থাকিব পৰাকৈ এক পৰিৱেশ গঢ়ি তোলা হৈছে। সেয়ে মোডীজীৰ ওপৰত জনতাৰ ভৰসা আছে। আজি যি সফলতা লাভ কৰিছো তাৰ বাবে পৰম আদৰণীয় নৰেন্দ্ৰ মোডীক হৃদয়ৰ পৰা ধন্যবাদ জনাইছো।''

'জনসাধাৰণে অৰ্থব্যৱস্থা শক্তিশালী কৰাৰ সুযোগ লাভ কৰিছে, সেয়ে বিজেপিক আদৰি লৈছে'- সৰ্বানন্দ সোণোৱাল...
কাকতলীয় সংযোগ নে ইতিহাসৰ প্ৰতিশোধ? ভূপাল গেছ ট্ৰেজেডীৰ দিনটোতে কংগ্ৰেছ পৰাস্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in