কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে সাগৰ সেতু অধীনৰ 'বন্দৰ স্বাস্থ্য সংস্থা'এপ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে সাগৰ সেতু অধীনৰ 'বন্দৰ স্বাস্থ্য সংস্থা'এপ

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে সাগৰ সেতু অধীনৰ 'বন্দৰ স্বাস্থ্য সংস্থা'এপ

ডিজিটেল সংবাদ, নতুন দিল্লী : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাগৰ সেতু - ৰাষ্ট্ৰীয় লজিষ্টিকছ্ পৰ্টেল (সামুদ্ৰিক)ৰ অধীনত বন্দৰ স্বাস্থ্য সংস্থা (পিএইচঅ') মডিউল মুকলি কৰে। নতুন দিল্লীত মুকলি কৰা এই বন্দৰ স্বাস্থ্য সংস্থা এপে মূলতঃ ব্যৱসায় কৰাৰ ক্ষেত্ৰত সহজতা প্ৰসাৰৰ বাবে দ্ৰুত আৰু সৰল পৰিৱেশতন্ত্ৰ সক্ষম কৰি তুলিব।

Advertisment

ইয়াৰোপৰি বন্দৰ স্বাস্থ্য সংস্থাই স্থানীয় নাগৰিক আৰু বন্দৰ কৰ্মীসকলৰ সুৰক্ষাৰ বাবে এই সংস্থাই ৰোগ নিৰীক্ষণ, স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰান্টাইন ব্যৱস্থাক সামৰি ল'ব। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰ প্ৰমুখ্যে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আমাৰ গতিশীল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি আমি বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ বন্দৰসমূহৰ পৰিৱৰ্তন আৰু আধুনিকীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বন্দৰ স্বাস্থ্য সংস্থাৰ মডিউলৰ শুভাৰম্ভণি হৈছে আমাৰ প্ৰণালীৰ ডিজিটেলকৰণ আৰু আধুনিকীকৰণৰ দিশত আন এক পদক্ষেপ, যিয়ে দেশত ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰিব।"

বন্দৰ স্বাস্থ্য সংস্থা মডিউলে জাহাজ পৰিবহণ অংশীদাৰ, বন্দৰ কৰ্তৃপক্ষ, কাষ্টম আদিক অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে পি এইচ ক্লিয়াৰেন্সৰ কাৰ্যক্ষমতা সহজে লাভ কৰাত সহায় কৰিব। ই অনুমোদন আদিৰ বাবে বিভিন্ন বিভাগ আৰু সংস্থাৰ সৈতে সহযোগিতা কৰাত সহায় কৰিব বুলি মনত্ব্য কৰে।

লগতে তেওঁ উল্লেখ কৰে যে, সাগৰ সেতুৰ (এনএলপি-এম) পিএইচঅ' মডিউলে ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰি আৰু সামুদ্ৰিক প্ৰক্ৰিয়াত ডিজিটাইজেচন প্ৰক্ৰিয়া ৰূপায়ণ কৰি সামুদ্ৰিক বাণিজ্য বৃদ্ধি কৰিব।

উল্লেখ্য যে, উয়াৰ পূৰ্বে এন এল পি মেৰিনৰ মোবাইল এপ্ সংস্কৰণ 'সাগৰ-সেতু' চলিত বৰ্ষৰ এপ্ৰিলত মুকলি কৰা হৈছিল। এই এপটোৱে জাহাজ সম্পৰ্কীয় বিৱৰণ, প্ৰৱেশদ্বাৰৰ তথ্য, কণ্টেইনাৰ ফ্ৰেইট ষ্টেচন আৰু লেন-দেনৰ বিষয়ে বাস্তৱ-সময়ৰ তথ্য প্ৰদান কৰে।

উক্ত এপটোৱে আমদানি আৰু ৰপ্তানি ক্লিয়াৰেন্স প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত মাচুলৰ বাবে ডিজিটেল পৰিশোধৰ সুবিধা প্ৰদান কৰে। শ্বিপিং লাইন মাচুল, পৰিবহণ মাচুল, আৰু কণ্টেইনাৰ ফ্ৰেইট ষ্টেচন মাচুল আদি সন্দৰ্ভত এই এপটোৱে বিশদভাৱে তথ্য প্ৰদান কৰে।

Also Read: সমাজকৰ্মী মুকুট ভূঞাৰ মৃত্যুত জন্মস্থান কামপুৰত শোকৰ ছা‍ঁ

Port Health Organisation Sagar Setu app sarbananda sonowal