এয়া স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান পৰিস্থিতি বিজেপিৰ পক্ষত আছেঃ শাৰদ পাৱাৰ

এয়া স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান পৰিস্থিতি বিজেপিৰ পক্ষত আছেঃ শাৰদ পাৱাৰ

author-image
Asomiya Pratidin
New Update
এয়া স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান পৰিস্থিতি বিজেপিৰ পক্ষত আছেঃ শাৰদ পাৱাৰ

ডিজিটেল ডেস্কঃ দেওবাৰে ঘোষণা হ'ব ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। চট্টীশগড়, ৰাজস্থান,তেলেংগনা আৰু মধ্যপ্ৰদেশত বৰ্তমান চলি আছে ভোটগণনা। ইতিমধ্যে ৩ খন ৰাজ্যত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তেলেংগনাত আগবাঢ়ি আছে কংগ্ৰেছ।

Advertisment

এইবাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে বিৰোধী মিত্ৰজোট ইণ্ডিয়াৰ ওপৰত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ মাজতে এনচিপি মুৰব্বী শাৰদ পাৱাৰে এই নিৰ্বাচনক লৈ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

পাৱাৰে কয় যে, ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে মিত্ৰজোট ইণ্ডিয়াত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। এই মিত্ৰজোটত কংগ্ৰেছৰ নেতৃত্বত ২৫তাতকৈ অধিক বিৰোধী দল অন্তৰ্ভূক্ত আছে।

তেওঁ লগতে কয়, ইণ্ডিয়াত কিবা প্ৰভাৱ পৰিব বুলি মই নাভাৱো। দিল্লীত কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ'ব । তাৰ পাছতহে ইয়াৰ ওপৰত মন্তব্য কৰাতো ঠিক হ'ব।

বিধানসভা নিৰ্বাচনী ফলাফলত বিজেপিৰ অগ্ৰগতি সন্দৰ্ভত পাৱাৰে কয় যে, এয়া স্বীকাৰ কৰিব লাগিব যে বৰ্তমান পৰিস্থিতি বিজেপিৰ পক্ষত আছে। অৱশ্যে এতিয়াই কিবা কোৱাতো ঠিক নহ'ব বুলি কয় নেতাগৰাকীয়ে।

উল্লেখ্য যে, আজি সন্ধিয়া ভাগলৈকে ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ওলাই যাব। আনহাতে সোমবাৰে মিজোৰামত ভোট গণনা অনুষ্ঠিত হব। এই নিৰ্বাচনক লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল বুলি ধৰি লোৱা হৈছে। গতিকে ইয়ে যথেষ্ঠখিনি নিৰ্ভৰ কৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত।

Also Read: ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলি, নিহত এজন

sarad pawar bjp