আৰ জি কৰ কাণ্ডঃ প্ৰমাণৰ লগত হেতালি খেলিছিল নেকি অধ্যক্ষ সন্দীপ ঘোষে?

কলকাতা কাণ্ডই পশ্চিমবংগক ধাৰাবাহিকভাৱে অশান্ত ৰখাৰ সময়তে আন্দোলনকাৰী চিকিৎসকক বুজনি দিয়াত ব্যৰ্থ মমতা বেনাৰ্জী। শনিবাৰে সন্ধিয়া বেনাৰ্জীয়ে প্ৰতিবাদকাৰী চিকিৎসকক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা পাছতো কিয় নোলাল সমাধান...

author-image
Asomiya Pratidin
New Update
আৰ জি কৰ কাণ্ডঃ প্ৰমাণৰ লগত হেতালি খেলিছিল নেকি অধ্যক্ষ সন্দীপ ঘোষে?

ডিজিটেল ডেস্কঃ  আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চিবিআয়ে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰমাণৰ লগত হেতালি কৰা আৰু তদন্তক ভুল পথে পৰিচালিত কৰাৰ অভিযোগত ঘোষক গ্ৰেপ্তাৰ কৰা হৈছে।

Advertisment

ইয়াৰ পূৰ্বেও আৰ জি কৰ হাস্পতালৰ দুৰ্নীতিৰ তদন্তত সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছিল চিবিআয়ে। আজি ঘোষৰ লগতে টালা থানাৰ অ’চি অভিজিৎ মণ্ডলকো একেটা অভিযোগত গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, চিকিৎসালয়খন তালা আৰক্ষী থানাৰ অধীনস্থ। 

৯ আগষ্টত আৰ জি কৰ হাস্পতালত উদ্ধাৰ হৈছিল কনিষ্ঠ যুৱতী চিকিৎসকৰ অৰ্ধনগ্ন মৃতদেহ। এই ঘটনাৰ লগত জড়িত থকৰা অভিযোগত পিছদিনাই গ্ৰেপ্তাৰ কৰা হৈছিল সঞ্জয় ৰয় নামৰ এজন চিভিক ভলেণ্টিয়াৰক। ইয়াৰ পিছতে এই গোচৰৰ তদন্তৰ দায়িত্ব লৈ সন্দীপ ঘোষক ক্ৰমাগতভাৱে ১৪ দিন জেৰা কৰে চিবিআয়ে। তেওঁৰ পলিগ্ৰাফ টেষ্টো কৰা হয়।

ইফালে, কলকাতা কাণ্ডই পশ্চিমবংগক ধাৰাবাহিকভাৱে অশান্ত ৰখাৰ সময়তে আন্দোলনকাৰী চিকিৎসকক বুজনি দিয়াত ব্যৰ্থ হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। শনিবাৰে সন্ধিয়া প্ৰতিবাদকাৰী চিকিৎসকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু প্ৰতিবাদকাৰীয়ে আলোচনাৰ লাইভ ষ্ট্ৰিমিঙৰ দাবী কৰিছিল।

সেই মৰ্মে ৪০ মিনিট সময় মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত থিয় হৈ আছিল প্ৰতিবাদকাৰী চিকিৎসক। কিন্তু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ওলাই আহি তাত উপস্থিত চিকিৎসক সকলক কয় যে, তেওঁ সমগ্ৰ কথা-বতৰা ৰেকৰ্ডিং কৰি ল’ব কিন্তু এতিয়াই তেওঁলোকক ৰেকৰ্ডিং দিয়া নহ’ব।

কাৰণ বিষয়টো এতিয়াও উচ্চতম ন্যায়ালয়ত আছে। মুখ্যমন্ত্ৰীৰ এই আশ্বাসত মান্তি নহ'ল প্ৰতিবাদকাৰী। সেয়ে মমতা আৰু প্ৰতিবাদকাৰীৰ মাজৰ আলোচনাখন ইয়াতে স্থগিত হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, চিকিৎসকসকলৰ প্ৰতিবাদে স্বাস্থ্যসেৱাত নেতিবাচক প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিত যদি প্ৰতিবাদকাৰী চিকিৎসকসকলে সময়মতে কামলৈ ঘূৰি নাহে, তেন্তে সমস্যাটো অধিক বৃদ্ধি পাব।

Also Read: Nitin gadkari: মোলৈও আহিছিল প্ৰধানমন্ত্ৰী হোৱাৰ অফাৰঃ নীতিন গাডকাৰীৰ বিস্ফোৰণ...

Sandeep ghosh RG Kar case Mamta banarjee