সমাজবাদী পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া পেট্ৰ’ল,বিজুলী আৰু বহুতো…

সমাজবাদী পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া পেট্ৰ’ল,বিজুলী আৰু বহুতো…

author-image
asomiyapratidin
New Update
সমাজবাদী পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত বিনামূলীয়া পেট্ৰ’ল,বিজুলী আৰু বহুতো…

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সমাগত।এই সন্দৰ্ভত মঙলবাৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে সমাজবাদী পাৰ্টীয়ে। অখিলেশ যাদৱে সংবাদ মেলৰ জৰিয়তে এই নিৰ্বাচনী ইস্তাহাৰ জাৰি কৰে।

Advertisment

অখিলেশ যাদৱে ছোৱালী সকলক বিনামূলীয়া শিক্ষা দিয়াৰ লগতে প্ৰতিখন জিলাতে সমাজবাদী কেন্টিন খুলি ১০ টকাত খাদ্য দিয়াৰ প্ৰতিশ্ৰুতি কৰে।ইয়াৰোপৰি দুচকীয়া বাহনক ১ লিটাৰ আৰু চাৰিচকীয়া বাহনৰ মালিকক ৩ লিটাৰ পেট্ৰল দিয়াৰো প্ৰতিশ্ৰুতি কৰে।

নিৰ্বাচনী ইস্তাহাৰত থকা কেইটামান বিশেষ প্ৰতিশ্ৰুতি-

  • ১১ লাখ চৰকাৰী পদ পূৰণ কৰা হ'ব।
  • আইটি চেক্টৰত ২২ লাখ চাকৰি দিয়া হ'ব।
  • আৰক্ষীৰকৰ্মী সকলক সপ্তাহত এদিন চুটী দিয়া হ'ব লগতে ঘৰৰ ওচৰতে পোষ্টিং দিয়া হ'ব।
  • উত্তৰ প্ৰদেশ আৰক্ষীত মহিলা সকলক ৩৩ শতাংশ প্ৰতিনিধিত্ব দিয়া হ'ব।
  • দৰিদ্ৰ মহিলাৰ প্ৰসৱৰ সময়ত ১৫হাজাৰ টকা দিয়া হ'ব।
  • অস্থায়ী শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব।
  • ২০২৭ চনক ভিতৰত ২ কোটি চাকৰিৰ ব্যৱস্থা।
  • উত্তৰ প্ৰদেশত ২৪ ঘন্টাই বিদ্যতৰ ব্যৱস্থা।
  • দৰিদ্ৰ সকলক প্ৰতিবছৰে ১৮হাজাৰকৈ টকা দিয়া হ'ব।
  • মহিলাই ইমেইল আৰু হোৱাটচএপৰ জৰিয়তে এজাহাৰ দাখিল কৰিব পাৰিব।
  • দৰিদ্ৰ সকলক প্ৰতিমাহে ২ টা চিলিণ্ডাৰ বিনামূলীয়া।
  • সকলো ধৰণৰ শস্য এমএছপিৰ ভিতৰত অনা।
  • ২০২৫ চনলৈ প্ৰতিগৰাকী কৃষকৰ ঋণ মাফ।
election akhilesh yadav uttar pradesh