
ডিজিটেল ডেস্কঃ পুনৰ ভাবুকি আহিছে বলিউড 'ভাইজান' চলমান খানৰ জীৱনলৈ৷ এইবাৰ কাৰাগাৰৰ পৰাই অভিনেতাগৰাকীক ভাবুকি প্ৰদান কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণইয়ে ৷
গেংষ্টাৰগৰাকীৰ দাবী ৰাজহুৱাকৈ চলমানে খানে ক্ষমা বিচাৰক। গেংষ্টাৰগৰাকীয়ে কৈছে যে, যদিহে মোৰ সমাজে অভিনেতাগৰাকীক ক্ষমা কৰে, তেনেহ’লে মই তেওঁক একো নকৰো৷
ইয়াৰোপৰি লৰেন্স বিষ্ণয়ে চলমান খানে ক্ষমা নোখোজিলে পৰিণাম ভয়ংকৰ হ’ব বুলিও ভাবুকি প্ৰদান কৰিছে৷ উল্লেখ্য যে এইবাৰেই প্ৰথম নহ’য়, ইয়াৰ পূৰ্বেও লৰেন্স বিষ্ণইৰ পৰা ভাবুকি ভৰা এখন বেনামী পত্ৰ লাভ কৰিছিল চলমান খানে ৷
চিঠিখনত লিখা আছিল, "মই তোমাক সিদ্ধু মুছেৱলাৰ দৰেই হত্যা কৰিম" ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ২৯ মে’ত ঘৰলৈ ওভতাৰ পথত ৰাজপথতে গায়ক সিদ্ধু মুছৱালাক হত্যা কৰা হৈছিল ৷ মুছেৱলাৰ হত্যাৰ পিছতেই এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল লৰেন্স বিষ্ণইৰ গ্ৰুপে।
বৰ্তমানে গেংষ্টাৰ গৰাকী মুছেৱালাৰ হত্যাৰ গোচৰত কাৰাগাৰতে আছে৷ উল্লেখ্য যে সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত গেংষ্টাৰগৰাকীয়ে চলমান খানলৈ এই ভাবুকি প্ৰদান কৰিছে৷