কোন নামিছে ষড়যন্ত্ৰত! ভুৱা প্ৰচাৰ মল্লযোদ্ধা সাক্ষী মালিকৰ বিৰুদ্ধে

কোন নামিছে ষড়যন্ত্ৰত! ভুৱা প্ৰচাৰ মল্লযোদ্ধা সাক্ষী মালিকৰ বিৰুদ্ধে

ডিজিটেল ডেস্কঃ প্ৰতিবাদকাৰী মল্লযোদ্ধাক লৈ একাংশই কৰিছে ভুৱা প্ৰচাৰ। কিছুসময় পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছিল যে তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে প্ৰতিবাদৰ পৰা আঁতৰি কৰ্মক্ষেত্ৰলৈ ৰাওনা হৈছে।

কিন্তু এই খবৰ ভুৱা বুলি কলে সাক্ষী মালিকে। টুইটাৰৰ জৰিয়য়ে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি তেওঁ কয় যে, ''এই খবৰ ভুৱা। ন্য়ায়ৰ যুঁজ খনত আমি এতিয়ালৈ পিছলৈ অহা নাই আৰু নাহো।ৰেলৱেত নিজৰ কৰ্তব্যও পালন কৰি আছো। ন্যায় নোপোৱা পৰ্যন্ত যুঁজ দি যাম। অনুগ্ৰহ কৰি ভুৱা প্ৰচাৰ নকৰিব''।

কিন্তু প্ৰশ্ন হয়, কোনে, কিয় এই অপ-প্ৰচাৰ চলালে? ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? এই সকলো এতিয়া ৰহস্যৰ আঁৰত।

উল্লেখ্য যে, এমাহতকৈ অধিক কাল ধৰি মল্লযোদ্ধাসকলে দিল্লীত প্ৰতিবাদ কৰি আহিছে। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে প্ৰতিবাদকাৰী সকলে।

ইয়াৰ মাজতে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহত সাক্ষত কৰিছিল কেইগৰাকীমান শীৰ্ষ মল্লযুঁজাৰুয়ে। ইয়াৰ ভিতৰত আছিল সাক্ষী মালিকো। তাৰ পাছতে আজি সাক্ষী মালিকে প্ৰতিবাদ প্ৰত্য়াহাৰ কৰা বুলি প্ৰচাৰ হৈছিল বিভিন্ন ক্ষেত্ৰত।

কোন নামিছে ষড়যন্ত্ৰত! ভুৱা প্ৰচাৰ মল্লযোদ্ধা সাক্ষী মালিকৰ বিৰুদ্ধে
ৰাখক নিজৰ কথা, গছৰ তলত আপুনিও পাতক বিধানসভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in