কংগ্ৰেছৰ দুৰৱস্থা ! নিজৰ মাজতেই খোৱা-কামোৰা...

কংগ্ৰেছৰ দুৰৱস্থা ! নিজৰ মাজতেই খোৱা-কামোৰা...
কংগ্ৰেছৰ দুৰৱস্থা ! নিজৰ মাজতেই খোৱা-কামোৰা...

ডিজিটেল ডেস্কঃ সমাগত ৰাজস্থান বিধানসভাৰ নিৰ্বাচন। তাৰোপৰি আছে লোকসভাৰ নিৰ্বাচন। তাৰ পূৰ্বে ৰাজস্থান কংগ্ৰেছত সৃষ্টি হোৱা পৰিস্থিতিয়ে সমগ্ৰ দেশতে দলটোক বিমোৰত পেলাইছে।

কিয়নো নিজ দলৰ চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজস্থানত কংগ্ৰেছ নেতা শচীন পাইলটে অনশন কৰিছে। যোৱা মংগলবাৰে ৫ ঘণ্টা সময় শচীন পাইলটে অনশন কৰি ৰাজস্থান কংগ্ৰেছক বিপদত পেলোৱাই নহয়, সমগ্ৰ দেশতে কংগ্ৰেছৰ ভাৱমূৰ্তি পুনৰ বিনস্ত কৰিছে।

তাৰ মাজতে শচীন পাইলটক আজি হাইকামাণ্ডে দিল্লীলৈ তলৱ কৰিছে। খবৰ অনুসৰি ৰাজস্থানৰ কংগ্ৰেছ প্ৰভাৰী সুখবিন্দৰ সিং ৰন্ধাৱাই শুকুৰবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ৰাজস্থান সংকটৰ লিখিত প্ৰতিবেদন দাখিল কৰিব।

ইফালে শচীন পাইলটে যি কাৰ্যসূচী হাতত ললে সেয়া দল বিৰোধী বুলি গণ্য কৰা হৈছে। সেয়ে তেওঁৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিব পৰা গৈছে।

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ লগত এই বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। ইফালে শচীন পাইলট ইতিমধ্যে দিল্লীতেই আছে বুলি খবৰ প্ৰকাশ পাইছে।

অৱশ্যে এতিয়াও কোনো শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁৰ সাক্ষাত হোৱা নাই। জানিব পৰা মতে গান্ধী পৰিয়াল শচীন পাইলটক লৈ নাৰাজ হৈ আছে।

কংগ্ৰেছৰ দুৰৱস্থা ! নিজৰ মাজতেই খোৱা-কামোৰা...
৭১ হাজাৰ যুৱক-যুৱতীক আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তিপত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in