ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ প্ৰভাৱ পৰিব জি-২০ৰ বৈঠকতো

ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ প্ৰভাৱ পৰিব জি-২০ৰ বৈঠকতো

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনে অতিক্ৰম কৰিলে এটা সম্পূৰ্ণ বছৰ । এই এটা বছৰে বিশ্বৰ বিভিন্ন দেশৰ কূটনীতিৰ সকলো কুছ কাৱাজ দেখা পালে বিশ্বই । কোন দেশ যুদ্ধৰ পক্ষত, কোন দেশ বিপক্ষত এই কথা সকলোৱে গমি পিতি চালে । তাৰেই মাজত ভাৰতে লাভ কৰিলে জি-২০ৰ আয়োজকৰ দায়িত্ব । বিশ্বৰ শীৰ্ষৰ অৰ্থনীতিৰ দেশসমূহে অংশগ্ৰহণ কৰিলে জি-২০ সন্মিলনত ।

উল্লেখ্য যে, এই সন্মিলনৰ কাৰ্যসূচী সম্পূৰ্ণ বছৰজোৰা । আনহাতে, বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব লগীয়া জি-২০ বৈঠকত বিগত বৰ্ষৰ জুলাই মাহৰ পিছত প্ৰথমবাৰৰ বাবে একেটা কোঠাতে দেখা যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক সচিব এন্টনী ব্লিংকেন আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্জেই লাভ্ৰভক । ৰাছিয়াই  ইউক্ৰেইনত চলোৱা আগ্ৰাসনক কঠোৰ ভাষাৰে আমেৰিকাই সমালোচনা কৰাৰ পাছৰে পৰাই দুয়ো দেশৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । তেনেস্থলত জি-২০ৰ বৈঠকতো তেনে এক পৰিৱেশৰেই সৃষ্টি হোৱাৰ আশংকাত বিশ্ববাসী ।

আনহাতে, গোপন সূত্ৰৰ তথ্য অনুসৰি, চীনে গোপনে অস্ত্ৰ যোগান ধৰিছে ৰাছিয়াক । এই প্ৰশ্নও আজিৰ দিনটোত ৰাছিয়াৰ সন্মুখত উত্তাপন হোৱাৰ আশংকা নুই কৰিব নোৱাৰি ।

উল্লেখ্য যে, বিশ্ব দৰবাৰত ৰাছিয়াৰ বিৰোধিতা কৰাৰ পৰা বিৰত থাকিল ভাৰত । সেই লৈ সকলোতে প্ৰশ্ন উত্থাপন হোৱাৰ সময়তেই এতিয়া বৈঠকত কাৰ সৈতে থিয় দিব ভাৰতে । এয়াও এক চিন্তনীয় বিষয় ।

ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ প্ৰভাৱ পৰিব জি-২০ৰ বৈঠকতো
নাগালেণ্ড বিজেপিৰ ! মেঘালয়ত ওলমা চৰকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in