শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন...

শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন...
শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন...

ডিজিটেল ডেস্কঃ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ! সকলো ঠিকেই থাকিলে অহা ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ বৈঠকত ভাগ ল'বলৈ আহিব ভ্লাদিমিৰ পুটিন।

অৱশ্যে এতিয়াও তেওঁৰ ভাৰত ভ্ৰমণৰ সূচী চূড়ান্ত হোৱা নাই। উল্লেখ্য যে, ভ্লাদিমিৰ পুটিনে শেহতীয়াকৈ দুখন সন্মিলনত অংশগ্ৰহণ কৰিব পৰা নাছিল। সেয়েহে ছেপ্টেম্বৰত যাতে ভাৰত ভ্ৰমণ কৰিব পাৰে আৰু দিল্লীৰ সন্মিলনত উপস্থিত থাকিব পাৰে তাৰ বাবে তেওঁৰ সময়সূচী ক্ৰেমলিনে তৈয়াৰ কৰি আছে।

ভাৰতে ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক এই সন্মিলনত অংশগ্ৰহণৰ বাবে আনুষ্ঠানিক ভাৱে নিমন্ত্ৰণ জনাইছে। সেই নিমন্ত্ৰণ ক্ৰেমলিনে গ্ৰহণো কৰিছে। তথাপিও তেওঁলোকে পুটিনৰ অংশগ্ৰহণৰ নিশ্চয়তা এতিয়াই প্ৰদান কৰা নাই।

উল্লেখ্য যে, বিগত বছৰত জি-২০ৰ সন্মিলনত অনুষ্ঠিত হৈছিল ইণ্ডোনেছিয়াৰ বালিত। এই সন্মিলনত পুটিনে অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল। ইউক্ৰেইন আক্ৰমণৰ বাবে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা চাপৰ বাবেই পুটিনে নিজেই অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁৰ প্ৰতিনিধি হিচাপে বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক প্ৰেৰণ কৰিছিল।

আনহাতে ২০২১ত ৰোমত অনুষ্ঠিত হোৱা জি-২০ৰ সন্মিলনতো পুটিনে অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল। সেইবাৰো ইউক্ৰেইন আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই থকাৰ বাবেই জি-২০ সন্মিলনত অংশগ্ৰহণৰ পৰা বিৰত আছিল পুটিন।

শীঘ্ৰেই ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন...
অপৰাধ, অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত অসম ! শাসকীয় বিধায়কৰ প্ৰশ্নত বিধানসভাত উন্মোচিত ভয়ংকৰ তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in