/asomiyapratidin/media/media_files/2025/03/21/RlnCt8iea0DBb7L7o5vU.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ আজিৰ পৰা বাংগালুৰুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৩দিনীয়া বাৰ্ষিক বৈঠকৰ শুভাৰম্ভ হয়। অনুষ্ঠানৰ আৰম্ভণিতে সৰসংঘচালক ড০ মোহন ভাগৱত আৰু সৰকাৰ্যৱাহ দত্তত্ৰেয় হোছাবালেই চনেনাহল্লীৰ জনসেৱ বিদ্যেন্দ্ৰৰ চৌহদত ভাৰত মাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জনাই অখিল ভাৰতীয় প্ৰতিনিধি সভা উদ্বোধন কৰে।
আজি সংবাদ মাধ্যমক সম্বোধন কৰি আৰএছএছ সাহ সৰকাৰ্যৱাহ মুকুন্দ চিআৰে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় সভাত মুঠ ১৪৮২ জন কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছে। প্ৰতি বছৰে এবিপিএছৰ অধিৱেশনৰ আৰম্ভণিতে আমাৰ পৰা আঁতৰি যোৱা আৰএছএছৰ কৰ্মকৰ্তাকে ধৰি জাতি আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
এবিপিএছে নিজৰ কামৰ সামাজিক প্ৰভাৱৰ বিষয়ে আলোচনা, বিবেচনা আৰু বিশ্লেষণ কৰি সমাজত পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে মুকুন্দ চিআৰে। আৰ এছ এছৰ শখাৰ কাম-কাজৰ আলোকপাত কৰি তেওঁ অৱগত কৰে যে প্ৰতিদিনে ৫১, ৫৭০ টা স্থানত মুঠ ৮৩,১২৯ টা শাখা অনুষ্ঠিত হয়, যিটো যোৱা বছৰৰ তুলনাত ১০,০০০ তকৈ অধিক।
আজি সংবাদমেলৰ জৰিয়তে সাহ সৰকাৰ্যৱাহে ২০২৫ চনৰ দেশজোৰা পৰিসংখ্যা উল্লেখ কৰে। মুঠ স্থান- ৫১,৫৭০, মুঠ শাখা (দৈনিক): ৮৩,১২৯, মুঠ মিলান (সপ্তাহিক): ৩২,১৪৭, মুঠ মাণ্ডালী (মাহেকীয়া): ১২,০৯১, মুঠ শখা+মিলান+ মাণ্ডালী: ১,২৭,৩৬৭।
উল্লেখযোগ্য যে, যোৱা বছৰ সৰসংচলাকে সংঘৰ কাম সম্প্ৰসাৰণ আৰু একত্ৰীকৰণৰ বাবে সম্পূৰ্ণ দুবছৰ ৰাহি কৰিব পৰা কৰ্মকৰ্তাসকলক আমন্ত্ৰণ জনাইছিল। তেওঁৰ আহ্বানক সন্মান জনাই শতাব্দী বিস্তাৰক বুলি অভিহিত ২,৪৫৩ জন স্বয়ংসেৱকে নিজৰ ঘৰ এৰি সংঘৰ কাম-কাজৰ সম্প্ৰসাৰণ আৰু একত্ৰীকৰণৰ বাবে নিজকে উৎসৰ্গা কৰিলে।