অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ চৰকাৰত অন্তৰ্ভুক্ত কৰাক লৈ RSS ৰ আপত্তি...

আৰ এছ এছৰ মুখপত্ৰত বিজেপিৰ সিদ্ধাক সমালোচনা

author-image
Asomiya Pratidin
New Update
অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ চৰকাৰত অন্তৰ্ভুক্ত কৰাক লৈ RSS ৰ আপত্তি...

অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ চৰকাৰত অন্তৰ্ভুক্ত কৰাক লৈ RSS ৰ আপত্তি...

ডিজিটেল ডেস্কঃ ক্ৰমাৎ দূৰত্ব বাঢ়িছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিজেপিৰ! শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুখপত্ৰত বিজেপিক সমালোচনা কৰা হৈছে। সংঘই স্পষ্টকৈ উল্লেখ কৰিছে মহাৰাষ্ট্ৰৰ এন চি পিক এন ডি এত চামিল কৰাটো আছিল ভুল সিদ্ধান্ত। সংঘই বিজেপিৰ এই সিদ্ধান্তৰ ওপৰত প্ৰশ্নও উত্থাপন কৰিছে।

Advertisment

আৰ এছ এছে সংগঠনটোৰ মুখপত্ৰত এটা প্ৰবন্ধত লিখিছে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ অজিত পাৱাৰ গোটক বিজেপি-শিৱসেনাৰ চৰকাৰৰ অন্তৰ্ভুক্ত কৰাটো ভুল সিদ্ধান্ত আছিল। ইয়াৰ ফলত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আঘাত পাইছে।

স্তম্ভলেখক তথা আৰ এছ এছৰ সদস্য ৰতন শাৰদাই সংগঠনটোৰ মুখপত্ৰত লিখিছে, স্থানীয় লেখকসকলক উপেক্ষা কৰি বহু লোকসভা আসনত ‘দল বাগৰা’ নেতাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছিল। এইসকল নেতাক টিকট দিবলৈ ভাল সাংসদসকলক উপেক্ষা কৰা হৈছিল।

অৱশ্যে এন চি পিয়ে আৰ এছ এছৰ মুখপত্ৰত প্ৰকাশ পোৱা এই প্ৰবন্ধক লৈ আপত্তি দৰ্শোৱাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এন চি পিৰ মুখপাত্ৰ উমেশ পাটিলে কয়, 'অৰ্গেনাইজাৰ' আৰ এছ এছৰ চৰকাৰী মুখপত্ৰ নহয় আৰু আৰ এছ এছৰ আদৰ্শ প্ৰতিফলিত নকৰে। মই নাভাবো যে বিজেপিৰ শীৰ্ষ নেতাসকলে এই প্ৰবন্ধটোৰ সৈতে একমত হ’ব।

তেওঁ পুনৰ কয়, যেতিয়া দলবোৰে এটাই আনটোৰ বিৰুদ্ধে অৱস্থান কৰে তেতিয়া এটা দলৰ নেতাই আন দলৰ নেতাৰ দোষ বিচাৰে আৰু সেইবোৰৰ মুকলিকৈ অভিযোগ কৰে। ৰাজনীতিত এজন নেতাই সিজনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰে। এইসকলোবোৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। মই নাভাবো যে এই প্ৰবন্ধটোত কোনো সত্যতা আছে।

উল্লেখ্য যে, অষ্টাদশ লোকসভা নিৰ্বাচনৰ ঠিক আগৰে পৰা আৰ এছ এছ আৰু বিজেপিৰ মাজৰ সম্পৰ্কৰ মাজত অৱনটি ঘটাৰ ইংগিত পোৱা গৈছে। দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে শপতগ্ৰহণ কৰাৰ ঠিক পিছতেই নাগপুৰত আৰ এছ এছৰ সৰ সংঘসঞ্চালক মোহন ভগৱতে মণিপুৰ প্ৰসংগত মাত মাতিছিল। এক প্ৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৌনতাক লৈয়ে তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াৰ পূৰ্বে আকৌ বিজেপি নেতাই আৰ এছ এছ অবিহনেই এতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে বুলি মুকলিকৈ দাবী কৰিছিল। তাৰো পূৰ্বে আকৌ হিন্দুত্ববাদী এই সংগঠনটোৰ একাংশ নেতাই প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহক সমালোচনা কৰি সংবাদ মেলো সম্বোধন কৰিছিল।

অৱশ্যে এইসকল হিন্দুত্ববাদী নেতা প্ৰকৃত আৰ এছ এছ নহয় বুলি দাবী কৰিছিল। কিন্তু এইবাৰ অজিত পাৱাৰ গোটক মহাৰাষ্ট্ৰৰ চৰকাৰৰ অংশ কৰি লোৱাৰ বিৰুদ্ধে আৰ এছ এছৰ মুখপত্ৰত প্ৰবন্ধ প্ৰকাশ কৰা বিষয়টোৱে দুয়োটা সংগঠনৰ মাজত সৃষ্টি হোৱা মতভেদকে স্পষ্ট কৰিছে।   

Also Read: কুৱেইটত নিহত ভাৰতীয়লৈ আৰ্থিক সাহায্যঃ ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী কীৰ্তি বৰ্ধন সিং

অজিত পাৱাৰ বিজেপি আৰ এছ এছ মহাৰাষ্ট্ৰ