/asomiyapratidin/media/media_files/2025/05/09/UpDsb5Hq3nUq2R3RoiWZ.jpeg)
ডিজিটেল ডেস্ক : যোৱা ২২ জানুৱাৰীত জম্মু-কাশ্মীৰৰ পাহেলগামৰ বৈছাৰণ উপত্যকাত নিৰস্ত্ৰ হিন্দু পৰ্যটকসকলৰ ওপৰত হোৱা কাপুৰুষচিত আক্ৰমণৰ পাছত পাকিস্তান-সমৰ্থিত সন্ত্রাসবাদী আৰু তেওঁলোকক পৃষ্ঠপোষকতা কৰাসকলৰ আন্তঃগাঁথনিৰ বিৰুদ্ধে ভাৰতীয় সেনাই গ্ৰহণ কৰা অপাৰেচন সিন্দূৰক সমৰ্থন জনাই প্ৰশংসা কৰিছে ৰাষ্ট্ৰীয় স্বয়ংক সেৱক সংঘই।
এই সন্দৰ্ভত আৰ এছ এছৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে,“এই কাৰ্য্যই নৃশংস হত্যাকাণ্ডৰ বলি হোৱা পৰিয়ালসমূহৰ প্ৰতি ন্যায় প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশবাসীৰ আত্মগৌৰৱ আৰু মনোবল বৃদ্ধিত সহায় কৰিছে।”
আৰ এছ এছ নেতা সৰসংঘচালক মোহন ভাগৱত আৰু সৰকার্যৱাহ দত্তাত্রেয় হোছবালেৰ দ্বাৰা অনুমোদিত বিবৃতিত কোৱা হৈছে, “পাকিস্তানস্থিত সন্ত্রাসবাদী, তেওঁলোকৰ আন্তঃগাঁথনি আৰু সমৰ্থনকাৰী পৰিকাঠামোৰ বিৰুদ্ধে সেনাৰ দ্বাৰা গ্ৰহণ কৰা সামৰিক ব্যৱস্থা দেশৰ সুৰক্ষাৰ বাবে অত্যাৱশ্যক আৰু অনিবার্য। এই ৰাষ্ট্ৰীয় সংকটৰ সময়ত সমগ্ৰ দেশ চৰকাৰ আৰু সেনাৰ সৈতে একাত্ম হ’ব লাগে।”
বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, “পাকিস্তান সেনাই সীমান্তত ধৰ্মীয় স্থান আৰু সাধাৰণ নাগৰিকৰ বসতিৰ ওপৰত যি নৃশংস আক্ৰমণ চলাইছে, আমি তাত গভীৰভাৱে নিন্দা প্ৰকাশ কৰিছোঁ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ গভীৰ শোক প্ৰকাশ কৰিছোঁ।”
এই দুঃসময়ত আৰ এছ এছে সকলো নাগৰিকক চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশ পালনত সহায় কৰিবলৈ আহ্বান জনাইছে। বিবৃতিত লগতে সকলো নাগৰিককে সতৰ্ক হৈ থাকিবলৈ দিছে যাতে কোনো দেশবিৰোধী শক্তিয়ে সামাজিক একতা আৰু সম্প্ৰীতি ধ্বংসৰ দৰে কাৰ্যত জড়িত হ’ব নোৱাৰে।”
তাৰোপৰি আৰএছএছে সকলো নাগৰিককে তেওঁলোকৰ দেশপ্ৰেমৰ প্ৰদৰ্শন কৰিবলৈ আৰু সেনা তথা প্ৰশাসনক যিকোনো সময়তে, যিকোনো প্ৰয়োজনত সহযোগিতা কৰিবলৈ সকলো সময়তে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।