মুছলমান বুদ্ধিজীৱিৰ সৈতে RSS প্ৰধানৰ বৈঠক, দেশত সম্প্ৰীতি শক্তিশালী কৰাৰ ওপৰত চিন্তা-চৰ্চা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে কেইবাজনো মুছলমান বুদ্ধিজীৱীক সাক্ষাৎ কৰে আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

author-image
Asomiya Pratidin
New Update
২ দিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূবলৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত…

RSS chief Mohan Bhagwat meets Muslim intellectuals,

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে কেইবাজনো মুছলমান বুদ্ধিজীৱীক সাক্ষাৎ কৰে আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। শেহতীয়াকৈ হৈ থকা বিতৰ্ক আৰু চলি থকা বিভিন্ন সমস্যা সমাধান কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে।

আৰ এছ এছ প্ৰধান জনক সাক্ষাৎ কৰা সকলৰ ভিতৰত আছিল প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰাইছি আৰু দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ নাজিব জংকে ধৰি কেইবাজনো মুছলমান বুদ্ধিজীৱী ।মঙলবাৰে পোহৰলৈ আহিছে এই তথ্য।

বৈঠকত দেশত সকলোৰে মাজত সম্প্ৰীতি শক্তিশালী কৰাৰ বাবে এখন মঞ্চ গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হৈছে।

দুঘন্টীয়া ধৰি চলা এই বৈঠকত সাম্প্ৰদায়ৰ মাজত সম্প্ৰীতি শক্তিশালী কৰা আৰু আন্তঃ-সম্প্ৰদায়ৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত আলোচনা হয়।

উল্লেখ্য যে সম্প্ৰদায় সমূহৰ মাজত সম্প্ৰীতি আৰু মীমাংসা শক্তিশালী নকৰাকৈ দেশখন আগবাঢ়িব নোৱাৰে বুলি দুয়োপক্ষই মত আগবঢ়ায়। লগতে এই সন্দৰ্ভত পৰিকল্পনা প্ৰস্তুত কৰে।

rss mohan bhagawat