/asomiyapratidin/media/media_files/2025/02/20/I4DDJjvvVXLrA9TbfDNw.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত দুৰ্যোগৰ আশংকা হ্ৰাসৰ উচ্চ পৰ্যায়ৰ কমিটীয়ে ২০২৪ চনৰ ভিতৰত বান, ভূমিস্খলন আৰু ঘূৰ্ণীবতাহৰ ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত পাঁচখন ৰাজ্যলৈ ১৫৫৫ কোটি টকা অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ অনুমোদন জনাইছে। দুৰ্যোগ প্ৰশমনৰ দিশত অন্ধ্ৰ প্ৰদেশে সৰ্বাধিক ৬০৮ কোটি টকাৰ অনুমোদন লাভ কৰিছে। এন ডি আৰ এফৰ পৰা এই কেন্দ্ৰীয় সাহায্য আবণ্টন দিয়া হৈছে ।
একেদৰে পৃথকে পৃথকে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২২০৯ কোটি টকা, ১৪ খন ৰাজ্যলৈ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ৭২০ কোটি টকা আঠখন ৰাজ্যলৈ আবণ্টন দিয়ে।