ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৯জনৰ, ২ লাখকৈ আৰ্থিক সাহায্যৰ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৯জনৰ, ২ লাখকৈ আৰ্থিক সাহায্যৰ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

author-image
asomiyapratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৯জনৰ, ২ লাখকৈ আৰ্থিক সাহায্যৰ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

ডিজিটেল ডেস্ক:

Advertisment

ৰবিবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰম জিলাত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনকৈ লোকৰ মৃত্যু হয়। মৃত্যু হোৱাৰ লোকসকলৰ ভিতৰত ৬ গৰাকী মহিলা আৰু এটি শিশুও আছে।ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

এই পথ দুৰ্ঘটনাৰ পিছতেই শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। লগতে PMNRF  ৰ পৰা মৃত ব্যক্তিৰ পৰিয়াল বৰ্গলৈ ২ লাখকৈ আৰ্থিক অনুদানৰ ঘোষনা কৰে। পিএমঅ টুইটাৰ একাউন্টৰ জৰিয়তে এই কথা জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে।


— PMO India (@PMOIndia) February 7, 2022

আৰক্ষীয়ে জনোৱা অনুসৰি তীব্ৰগতিত আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা মাৰুতীত খুন্দা মৰাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।

dead andhrapradesh narendra modi road accident