অতি শীঘ্ৰেই ভাৰতত মুকলি হ'ব পাৰে ডিজিটেল মুদ্ৰা...

পাইলট প্ৰকল্প মুকলি কৰাৰ দিশে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া
অতি শীঘ্ৰেই ভাৰতত মুকলি হ'ব পাৰে ডিজিটেল মুদ্ৰা...

ডিজিটেল ডেস্ক : ভাৰতৰ কেন্দ্ৰীয় বেংক অৰ্থাৎ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই অতি শীঘ্ৰে মুকলি কৰিব ডিজিটেল মুদ্ৰাৰ পাইলট প্ৰকল্প । অৰ্থাৎ ভাৰতবাসী সাক্ষী হ'বলৈ গৈ আছে এক ঐতিহাসিক মুহুৰ্তৰ । এই সন্দৰ্ভত বিগত বহু কেইটা মাহৰ পৰা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই সম্পৰীক্ষা চলাই থকা বুলি জানিবলৈ পৰা গৈছে ।

আনহাতে, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মুখ্য সাধাৰণ পৰিচালক যোগেশ দয়ালৰ মন্তব্য অনুসৰি যোৱা ৭ অক্টোবৰত ৰিজাৰ্ভ বেংকে মুকলি কৰিছিল এখন কনছেপ্ট নোট । তেনেস্থলত সময়ৰ সৈতে যদি এই কনছেপ্ত নোট খনৰ গুৰত্ব আৰু পৰিসৰ বাঢ়ে তেন্তে অনাগত দিন সমূহত মুদ্ৰাৰ বিকল্প ৰূপে মুকলি কৰি দিয়া হ'ব ডিজিটেল মুদ্ৰা । অৱশ্যে প্ৰথমাৱস্থাত এই মুদ্ৰাৰ ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব বহু সীমাবদ্ধতা ।

ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত অনাগত দিনসমূহত ডিজিটেল মুদ্ৰা মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in