উত্তৰাখণ্ডৰ সুৰংগত অব্যাহত উদ্ধাৰ অভিযান : পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন

উত্তৰাখণ্ডৰ সুৰংগত অব্যাহত উদ্ধাৰ অভিযান : পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধ ৪০ শ্ৰমিকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। যোৱা দেওবাৰে ৰাজ্যখনৰ উত্তৰকাশীত নিৰ্মীয়মাণ এটা সুৰংগত সংঘটিত হৈছিল ভূমিস্খলন। ফলত নিৰ্মীয়মাণ সুৰংগটোৰ কাম কৰি থকা অৱস্থাতে ৪০ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল।

ঘটনা সংঘটিত হোৱা প্ৰায় ৩দিন হ'ল যদিও এতিয়ালৈকে উদ্বাৰ কৰিব পৰা নাই তেওঁলোকক। অৱশ্যে আটাইকেইজন শ্ৰমিক সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

পাইপেৰে যোগান ধৰা হৈছে খাদ্য,অক্সিজেন,পানী আৰু ঔষধ। সম্প্ৰতি ৯০০ এম এম পাইপ সুৰংগৰ ভিতৰলৈ সুমুৱাই শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

উত্তৰাখণ্ডৰ সুৰংগত অব্যাহত উদ্ধাৰ অভিযান : পাইপেৰে যোগান ধৰা হৈছে অক্সিজেন
ৱাংখাড়েত আজি প্ৰথম ছেমি ফাইনেল : অপ্ৰতিৰোধ্য ভাৰতৰ গতি ৰুদ্ধ কৰিবলৈ প্ৰস্তুত নিউজিলেণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in