/asomiyapratidin/media/media_files/2025/04/22/wkqkTNin5vwGQPe4GSC6.jpg)
ডিজিটেল ডেস্কঃ পুনৰ কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ। পেহেলগামৰ বৈছৰাণত শুনিবলৈ পোৱা গুলীৰ শব্দই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অমৰনাথ যাত্ৰাৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ এই অঞ্চলটোত পৰ্যটকৰ ওপৰতো আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।
একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছে ৫ গৰাকীকৈ পৰ্যটক। অৱশ্যে এতিয়ালৈকে চৰকাৰী ভাৱে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। বন্দুকৰ গুলীৰ শব্দ শুনাৰ পাছতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ বাহিনীয়ে অঞ্চলটোত উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে।
পহলগাম মূলতঃ বনাঞ্চল, পৰিষ্কাৰ পানীৰ হ্ৰদ, বিশাল ঘাঁহনিৰ বাবে বিখ্যাত। পৰ্যটকৰ বাবেও এই অঞ্চল যথেষ্ট আকৰ্ষণীয়। ইয়াৰ সৌন্দৰ্যই পৰ্যটকক আকৰ্ষণ কৰি আহিছে। এই অঞ্চলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা পৰ্যটকৰ ওপৰতেই এইবাৰ সন্ত্ৰাসবাদীয়ে আক্ৰম কৰা বুলি খবৰ প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে এই অঞ্চলটোৰ এই পৰ্যটন কেন্দ্ৰলৈ যোৱাৰ বাবে পৰ্যটকসকলে খোজকাঢ়ি বা ঘোঁৰাত উঠি যাব লাগে।
উল্লেখ্য যে, কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে যোৱা সময়ছোৱাত দাবী কৰি আহিছে কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ হ্ৰাস হৈছে। কাশ্মীৰলৈ শান্তি ঘূৰি আহিছে। কিন্তু শেহতীয়াকৈ কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই উপত্যকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পোৱা বুলিহে দাবী কৰা দেখা গৈছে।
যোৱা ৯ এপ্ৰিলত মুম্বাইত অনুষ্ঠিত এখন সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে কাশ্মীৰৰ প্ৰসংগত কৈছিল, "প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে বোমা, শিলগুটি আৰু বন্দুক, গুলীৰে নিজৰ ভৱিষ্যত ধ্বংস কৰি আহিছে। ইয়াৰ আগতেও দেশৰ শাসকসকলে দশক দশক ধৰি এই জুই নিৰ্বাপন কৰিব পৰা নাছিল। কিন্তু এতিয়া পৰিস্থিতি চিৰদিনৰ বাবে সলনি হৈছে। আমাৰ চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তি আৰু সংবেদনশীলতাৰ বাবে আজি জম্মু কাশ্মীৰৰ দিন সলনি হৈছে। তাত থকা যুৱক-যুৱতীসকলে আজি উন্নয়নৰ পথত আগবাঢ়িছে।"
মোডীৰ এনে দাবীৰ ঠিক পিছতেই দেওবাৰে উপ ৰাজ্যপাল মনোজ সিনহাই দাবী কৰি কয় যে, "বিশেষকৈ জম্মুত উগ্ৰপন্থীৰ কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পাইছে। এয়া অতি চিন্তনীয় বিষয়।" উপ-ৰাজ্যপালগৰাকীৰ এনে মন্তব্যৰ পাছতে আজি পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে পুনৰবাৰ জম্মু-কাশ্মীৰত আলোড়নৰ সৃষ্টি কৰিছে।