Advertisment

বৌদ্ধিক সম্পত্তি আৰু উদ্ভাৱন ৰেংকিঙত ভাৰতৰ অভূতৰ্পূব উত্থান...

বাণিজ্য, প্ৰযুক্তিগত ভিন্ন দিশৰ লগতে ভাৰত শেহতীয়াকৈ বৌদ্ধিক দিশতো বহুখিনি আগুৱাই গৈছে। ২০২৪ৰ বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাই প্ৰকাশ কৰা বিশ্ব বৌদ্ধিক সম্পত্তি সূচকৰ এক...

author-image
Asomiya Pratidin
New Update
india

ডিজিটেল ডেস্কঃ বাণিজ্য, প্ৰযুক্তিগত ভিন্ন দিশৰ লগতে ভাৰত শেহতীয়াকৈ বৌদ্ধিক দিশতো বহুখিনি আগুৱাই গৈছে। ২০২৪ৰ বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাই প্ৰকাশ কৰা বিশ্ব বৌদ্ধিক সম্পত্তি সূচকৰ এক প্ৰতিবেদনত বিশ্বৰ প্ৰেক্ষাপটত ভাৰত বৌদ্ধিক দিশত ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। 

Advertisment

শেহতীয়াকৈ ভাৰতে পেটেন্ট, ট্ৰেডমাৰ্ক আৰু ঔদ্যোগিক ডিজাইনসমূহত ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ উত্থান দেখিবলৈ পোৱা গৈছে। এই প্ৰতিবেদনত আই পি ফাইলিঙৰ ক্ষেত্ৰত শেহতীয়াকৈ ভাৰতৰ এক শক্তিশালী আৰু অপ্ৰতিৰোধ্য স্থিতিত উপনীত হোৱাৰ কথাও উল্লেখ কৰা হৈছে।

ভাৰতে বিশ্বব্যাপী পেটেন্ট আবেদনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰি ২০২৪ত বিশ্ব বৌদ্ধিক সম্পত্তি সূচক প্ৰতিবেদনত ষষ্ঠ স্থান লাভ কৰিছে। উল্লখ কৰা প্ৰয়োজন যে, ২০২৩ত ভাৰতে ৬৪,৪৮০টা পেটেন্ট দাখিল কৰিছিল। ২০২৩ৰ তুলনাত এই শিতানত প্ৰায় ১৫.৭শতাংশ বৃদ্ধি পোৱাৰ কথা উল্লেখ আছে প্ৰতিবেদনত। চলিত বৰ্ষত এই ক্ষেত্ৰখনত ভাৰতে চীন, আমেৰিকা, জাপানকে ধৰি বহুকেইখন দেশক চেৰ পেলাইছে। 


ভাৰত