ইলন মাস্কৰ ষ্টাৰলিংকৰ সহায়ত JIO ই দিব হাইস্পীড ইণ্টাৰনেটঃ এয়াৰটেলৰ সৈতেও চুক্তি সম্পন্ন

এয়াৰটেলৰ সৈতে হাতত হাত ধৰি ভাৰতলৈ আহি আছে আমেৰিকাৰ পুঁজিপতি ইলন মাস্কৰ স্পেছএক্সৰ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা। এয়াৰটেলে লোৱা এই পথেই অনুসৰণ কৰিলে মুকেশ আম্বানীৰ JIO য়েও।

author-image
Tushar Pratim
New Update
 ইলন মাস্কৰ ষ্টাৰলিংকৰ সহায়ত JIO ই দিব হাইস্পীড ইণ্টাৰনেটঃ এয়াৰটেলৰ সৈতেও চুক্তি সম্পন্ন

ডিজিটেল ডেস্কঃ এয়াৰটেলৰ সৈতে হাতত হাত ধৰি ভাৰতলৈ আহি আছে আমেৰিকাৰ পুঁজিপতি ইলন মাস্কৰ স্পেছএক্সৰ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা। এই খবৰ প্ৰকাশ পোৱাৰ পাছতেই ভাৰতত এয়াৰটেলৰ প্ৰতিদ্বন্দী ৰিলায়েন্স জিঅ’য়েও এয়াৰটেলে দেখুওৱা পথেই অনুসৰণ কৰিলে।

Advertisment

বুধবাৰে এই সন্দৰ্ভত জিঅ’য়ে এক বিবৃতিৰ জৰিয়তে এই সন্দৰ্ভত অৱগত কৰিছে। জিঅ’ই কয়, ইতিমধ্যে ভাৰতলৈ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ বাবে মাস্কৰ কোম্পানীৰ সৈতে তেওঁলোক চুক্তিবদ্ধ হৈছে।

প্ৰতিদ্বন্দী ভাৰতী এয়াৰটেলে এই চুক্তি ঘোষণা কৰাৰ এদিন পিছতে জিঅ’ই টেছলা আৰু স্পেচএক্সৰ মুৰব্বী ইলন মাস্কৰ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰে। মুকেশ আম্বানীৰ কোম্পানীয়ে কয় যে, এই চুক্তিৰ জৰিয়তে জিঅ’ আৰু স্পেছএক্স উভয়ৰে সেৱা উন্নত কৰাৰ বাবে ষ্টাৰলিংক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আৰু দ্ৰুতবেগী ইন্টাৰনেটৰ সুবিধাসমূহ গ্ৰাহকৰ মাজলৈ কেনেদৰে কঢ়িয়াই আনিব পাৰি সেই বিষয়ে জানিব পৰা যাব।

জিঅ’ই এই কথাও জনাইছে যে, ই কেৱল সেৱা প্ৰদান কৰাই নহয়, ইয়াৰ ব্যৱহাৰকাৰীসকলক ষ্টাৰলিংকৰ সৈতে জড়িত অন্যান্য সুবিধাসমূহো প্ৰদান কৰিব। অফলাইনৰ লগতে অনলাইন ষ্ট’ৰৰ জৰিয়তেও সেৱা ক্ৰয় কৰিব পাৰিব।

ইতিমধ্যে স্পেছএক্সে ভাৰত চৰকাৰৰ পৰা ছিকিউৰিটি ক্লিয়াৰেন্সৰ বাবে আবেদন জনাইছে। তেওঁলোকৰ আবেদন গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বিবেচনা কৰি আছে। জিঅ’ৰ বিবৃতিত কোৱা হৈছে যে, ইউজাৰৰ সংখ্যাৰ হিচাপত জিঅ’ হৈছে বিশ্বৰ সৰ্ববৃহৎ মোবাইল অপাৰেটৰ।

আনহাতে, কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেট সেৱা আগবঢ়োৱা বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান ষ্টাৰলিংক। ফলত দুয়োপক্ষই এই চুক্তিৰ দ্বাৰা লাভৱান হ’ব। ইয়াৰ দ্বাৰা ভাৰতৰ অতি গ্ৰাম্য আৰু দুৰ্গম অঞ্চলকে ধৰি সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য ব্ৰডবেণ্ড সেৱাও সক্ষম হ’ব।

স্পেছএক্সেও জিঅ’ৰ সৈতে চুক্তি স্বাক্ষৰ কৰি উৎফুল্লিত হৈ পৰিছে। স্পেছএক্সৰ মুখ্য পৰিচালন বিষয়া গিৱন শ্বটৱেলে কয় যে আমি জিঅ’ৰ সৈতে কাম কৰি ষ্টাৰলিংকৰ দ্ৰুতবেগী ইণ্টাৰনেট সেৱাক আৰু অধিক গ্ৰাহক, সংস্থা আৰু ব্যৱসায়ৰ মাজলৈ লৈ যাবলৈ আগ্ৰহী। এতিয়া আমি ভাৰত চৰকাৰৰ অনুমোদনলৈ অপেক্ষা কৰিব লাগিব।

 

এয়াৰটেল জিঅ' ইণ্টাৰনেট সেৱা