নিগনিয়ে খালে আৰক্ষীৰ জিম্মাত থকা ৫০০ কিলো ভাং

আজৱ দেশৰ আজৱ কাণ্ড । উত্তৰ প্ৰদেশত আৰক্ষীৰ জিম্মাত থকা ৫০০ কিলোগ্ৰাম ভাং খাই তহিলং কৰে নিগনিয়ে ।

author-image
Asomiya Pratidin
New Update
নিগনিয়ে খালে আৰক্ষীৰ জিম্মাত থকা ৫০০ কিলো ভাং

ডিজিটেল ডেস্ক : আজৱ দেশৰ আজৱ কাণ্ড । উত্তৰ প্ৰদেশত আৰক্ষীৰ জিম্মাত থকা ৫০০ কিলোগ্ৰাম ভাং খাই তহিলং কৰে নিগনিয়ে । এই কথা খোদ স্বীকাৰ কৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ এক স্থানীয় আদালতে । উত্তৰ প্ৰদেশৰ এটি তদন্তৰ বাবে আৰক্ষীৰ জিম্মাত মজুত ৰখা হৈছিল প্ৰায় ৭০০ কিলোগ্ৰামতকৈও অধিক ভাং । কিন্তু আদালতত এই ভাং জমা দিয়াৰ পূৰ্বে আৰক্ষীয়ে সদৰি কৰে এই হাস্যকৰ ঘটনাটি ।

Advertisment

সন্দেহজনক ভাৱে এই সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীয়ে দিয়া মন্তব্য সম্পূৰ্ণ পৃথক আদালতৰ মন্তব্যৰ পৰা । নিগনি নহয় বৰং বৰষুণৰ বাবেহে এই বৃহৎ পৰিমাণৰ ভাং নষ্ট হোৱা বুলিহে জনায় মথুৰা আৰক্ষীৰ শীৰ্ষ বিষয়া মাৰ্টাণ্ড প্ৰকাশে ।

উল্লেখ্য যে, এই হাস্যকৰ বাতৰিটিৰ সৈতে জড়িত হৈ আছে আন এক তথ্য । ২০১৬ চনত ব্ৰিটিছ কলোম্বিয়া বিশ্ববিদ্যালয়ে চলোৱা এক গৱেষনাৰ আধাৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, মানৱ শৰীৰত ভাঙে পেলোৱা প্ৰভাৱৰ সৈতে প্ৰায় একেই প্ৰভাৱ পেলাই নিগনিৰ শৰীৰতো ।

আনহাতে, আৰক্ষীৰ জিম্মাৰ পৰা গোচৰ সংক্ৰান্তীয় তথ্য নষ্ট হোৱাটোও বিপদজনক বুলি প্ৰমাণ হ'ব পাৰে পৰৱৰ্তী সময়ত । দেশৰ অপৰাধৰ অন্যতম কেন্দ্ৰবিন্দু উত্তৰ প্ৰদেশৰ আৰক্ষী এই বিষয়ে সষ্টম হোৱাৰ বিপৰিতে এনে তুলুঙা মন্তব্য দি সাৰি যাব খোজা স্বভাৱৰ বাবে ভৱিষ্যতে হত্যা, অপহৰণ অথবা আন কোনো গুৰুতৰ অভিযোগৰ তথ্য যে নষ্ট নহ'ব তাৰ প্ৰতিশ্ৰুতি দিব পাৰিব নে আৰক্ষীয়ে ?

আৰু পঢ়ক : কাৰাবন্দীৰ পৰ‍া প্ৰধান মন্ত্ৰী পদলৈ...

uttar pradesh