ৰতন টাটাৰ উইলঃ ৰান্ধনীলৈ ১ কোটি, চালকলৈ ১৯.৫ লাখ, কুকুৰলৈয়ো দি গৈছে ১২ লাখ

ৰতন টাটা, নামেই পৰিচয়। এইগৰাকী প্ৰখ্যাত প্ৰয়াত উদ্যোগপতিক লৈ চৰ্চাৰ শেষ নাই। মৃত্যুৰ পাছতো তেওঁ কৰা কামকাজে আজিও তেওঁক চৰ্চাত ৰাখে। শেহতীয়াকৈ তেওঁ পুনৰ চৰ্চালৈ আহিছে।

author-image
Tushar Pratim
New Update
ৰতন টাটাৰ উইলঃ ৰান্ধনীলৈ ১ কোটি, চালকলৈ ১৯.৫ লাখ, কুকুৰলৈয়ো দি গৈছে ১২ লাখ

ডিজিটেল ডেস্কঃ ৰতন টাটা, নামেই পৰিচয়। ভাৰতৰ এইগৰাকী প্ৰখ্যাত প্ৰয়াত উদ্যোগপতিক লৈ চৰ্চাৰ শেষ নাই। মৃত্যুৰ পাছতো তেওঁ জীৱিত অৱস্থাত কৰা কামকাজে আজিও তেওঁক চৰ্চাত ৰাখে। শেহতীয়াকৈ তেওঁ পুনৰ চৰ্চালৈ আহিছে। এইবাৰ তেওঁ চৰ্চালৈ অহাৰ কাৰণ বিশেষ।

Advertisment

উল্লেখ্যে যে বিগত বছৰৰ অক্টোবৰ মাহত ৰতন টাটাৰ মুম্বাইত মৃত্যু হৈছিল। মৃত্যুৰ পূৰ্বে ২০২২ চনৰ ২৩ ফেব্ৰুৱাৰীত তেওঁ এক উইলত স্বাক্ষৰ কৰিছিল। সেই উইলত তেওঁ ঘৰুৱা কৰ্মচাৰী, কাৰ্যালয়ৰ কৰ্মচাৰী, বন্ধু-বান্ধৱী আনকি পোহনীয়া কুকুৰৰ বাবেও ধন দি থৈ গৈছে। কেৱল সেয়াই নহয়, তেওঁলোকৰ নামত থকা ঋণো ৰেহাই দিবলৈ কৈ থৈ গৈছে সেই উইলত।  

ৰতন টাটাই স্বাক্ষৰ কৰা উইল অনুসৰি তেওঁ নিজৰ ঘৰ আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে প্ৰায় ৩.৫ কোটি টকা এৰি থৈ গৈছে। ইয়াৰ ভিতৰত তেওঁৰ দীৰ্ঘদিনীয়া ৰান্ধনী ৰাজন শ্ব’ক ১ কোটি টকা দিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ নামত থকা ৫১ লাখ টকাৰ ঋণ ৰেহাই দিবলৈ নিৰ্দেশ দি থৈ গৈছে। 

আন এগৰাকী ৰান্ধনী বাটলাৰ চুববাইয়া ক’নাৰক ৬৬ লাখ টকাৰ আৰ্থিক সহায় দিয়াৰ উপৰিও ৩৬ লাখ টকাৰ ঋণ ৰেহাই, তেওঁৰ চালক ৰাজু লিয়নক ১৯.৫ লাখ টকাৰ আৰ্থিক সহায় আৰু ১৮ লাখ টকাৰ ঋণ ৰেহাই দিয়াৰ নিৰ্দেশ দি গৈছে উইলত। তাৰোপৰি ডেলনাজ গিল্ডাৰক ১০ লাখ টকা, টাটা ট্ৰাষ্টৰ পৰামৰ্শদাতা হোছি ডি মালেছাৰাক ৫ লাখ টকা, আলিবাউগ বাংলোৰ কেয়াৰটেকাৰ দেৱেন্দ্ৰ কাটমোল্লুক ২ লাখ টকা, ব্যক্তিগত সহায়ক দীপ্তি দিবাকৰনক ১.৫ লাখ টকা দিবলৈ নিৰ্দেশ দি গৈছে।

তেওঁ উইলত উল্লেখ কৰি গৈছে ১৫ লাখ টকা তেওঁৰ লগত সাত বছৰতকৈ অধিক সময় থকা ঘৰুৱা কৰ্মচাৰীসকলৰ মাজত তেওঁলোকৰ সেৱাৰ বছৰৰ  অনুপাতে বিতৰণ কৰা হওক। ইয়াৰ সমান্তৰালকৈ অংশকালীন সহায়ক আৰু গাড়ী চাফাই কৰ্মীক এক লাখ টকা দিয়াৰ ব্যৱস্থাও কৰি গৈছে।

তেওঁৰ দুই পিয়ন গোপাল সিং আৰু পাণ্ডুৰাং গুৰৱক ৫০ হাজাৰকৈ টকা দিয়াৰ বিপৰীতে আন এজন সহায়কাৰী সৰফৰাজ দেশমুখৰ দুই লাখ টকাৰ ঋণ ৰেহাই দিয়া হৈছে।

কুকুৰৰ প্ৰতি ৰতন টাটাৰ আছিল বিশেষ টান। আনকি তেওঁ প্ৰিয় কুকুৰটো অসুস্থ হৈ পৰাৰ বাবেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰো অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ উদাহৰণ আছিল। একেই মৰম আছিল পদপথৰ কুকুৰ বাবেও।

সেয়ে স্বাভাৱিকতে তেওঁ স্বাক্ষৰ কৰি যোৱা উইলত আছে কুকুৰৰ প্ৰসংগও।  তেওঁৰ কুকুৰ কেইটাৰ নামত দি গৈছে ১২ লাখ টকা। এই ধন  প্ৰতি ত্ৰিমাসিকত ৩০ হাজাৰকৈ টকা ব্যয় কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই কুকুৰৰ যত্ন লোৱাৰ দায়িত্ব দি গৈছে তেওঁৰ ৰান্ধনী ৰাজন শ্ব’ক।

টাটাই তেওঁৰ উইলত  তেওঁৰ কাৰ্যবাহী সহায়ক তথা ঘনিষ্ঠ বন্ধু শান্তনু নাইডুৱে কৰ্নেল বিশ্ববিদ্যালয়ত এম বি এ অধ্যয়নৰ বাবে লোৱা এক কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰিও বৰ্তমান ছুইজাৰলেণ্ডৰ প্ৰাট এণ্ড হুইটনীৰ সৈতে কাম কৰি থকা তেওঁৰ প্ৰতিবেশী জেক মেলেটকো ব্ৰিটেইনৰ ৱাৰউইক বিজনেছ স্কুলত নামভৰ্তিৰ বাবে লোৱা ২৩.৭ লাখ টকাৰ ঋণ ৰেহাই দিয়া হৈছে। টাটাৰ সম্পত্তিৰ এক তৃতীয়াংশ (শ্বেয়াৰ আৰু ৰিয়েল ইষ্টেটক বাদ দি) তেওঁৰ প্ৰাক্তন তাজ কৰ্মচাৰী মোহিনী দত্তক দিয়া হৈছে।

ৰতন টাটা ইমানেই দূৰদৰ্শী আছিল যে তেওঁ আনকি তেওঁৰ মৃত্যুৰ পাছত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যি ধন ব্যয় হ’ব সেই ধনো ক’ৰ পৰা ব্যয় কৰিব সেয়াও নিৰ্ধাৰণ কৰি গৈছে। তেওঁ উইলত নিৰ্দেশ দি গৈছে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আৰু আনুষংগিক ব্যয় তেওঁৰ নিজা সম্পত্তিৰ পৰা যাতে ব্যয় কৰে।

তেওঁৰ যিবোৰ ব্ৰেণ্ডেড কাপোৰ আছে, যেনে ডেক্স, প’লো, ব্ৰুকছ ব্রাদাৰ্ছ, ব্ৰিঅ’নি ছুট আৰু হাৰমিছ টাই এইবোৰ এন জি অ’ৰ জৰিয়তে আৰ্তজনক বিলাই দিয়াৰ কথা উল্লেখ কৰি গৈছে।  

 

ৰতন টাটা