কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কলকাতা ৰঙালী বিহু উদযাপন...

কলকাতাৰ প্ৰবাসী অসমীয়াৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান 'কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা'ৰ উদ্যোগত যোৱা ইংৰাজী ৭ মে' তাৰিখে কলকাতাৰ মধুসূদন মঞ্চত 'কলকাতা ৰঙালী বিহু ২০২৩' অনুষ্ঠিত হয়
কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কলকাতা ৰঙালী বিহু উদযাপন...

ডিজিটেল ডেস্কঃ কলকাতাৰ প্ৰবাসী অসমীয়াৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান 'কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা'ৰ উদ্যোগত যোৱা ইংৰাজী ৭ মে' তাৰিখে কলকাতাৰ মধুসূদন মঞ্চত 'কলকাতা ৰঙালী বিহু ২০২৩' অনুষ্ঠিত হয় ।

বিগত বৰ্ষৰ দৰে এইবাৰো কলকাতাবাসী প্ৰবাসী অসমীয়াসকলে বংগভূমিত বসন্তক আদৰণি জনাই এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰে 'কলকাতা ৰঙালী বিহু'।

অনুষ্ঠানৰ আৰম্ভণিতে মধুসূদন মঞ্চৰ বাকৰিত অনুষ্ঠিত হোৱা 'মুকলি বিহু' ৰ অনুষ্ঠানত অসম-বংগৰ শতাধিক লোকে অংশগ্ৰহণ কৰি বিহুৰ আনন্দত উপভোগ কৰে।

আদৰণি ভাষণত সংস্থাৰ সভাপতি ড° খনীন্দ্ৰ পাঠকে অসম আৰু বংগৰ সাংস্কৃতিক বান্ধোনৰ ওপৰত আলোকপাত কৰি ৰঙালী বিহু উদযাপনৰ উদ্দেশ্য আৰু বংগত ইয়াৰ জনপ্ৰিয়তাৰ বিষয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনা বাহিনীৰ পূৰ্বীয় কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিং-ইন-চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ।

অনুষ্ঠানত সপত্নীক অংশগ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতাৰ পত্নী নিশা কলিতাই কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ অফিচিয়েল ৱেবচাইট www.kaca.org.in মুকলি কৰে । তদুপৰি, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা।

সংস্থাৰ উপ-সভাপতি অনুজ গগৈয়ে আঁত-ধৰা অনুষ্ঠানত অনিতা শৰ্মাৰ দ্বাৰা প্ৰশিক্ষিত কলকাতাৰ স্থানীয় শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ লগতে সংস্থাৰ সদস্যসকলৰ দ্বাৰা বিহু হুঁচৰি তথা প্ৰিয়ংকা মণ্ডল আৰু তেওঁৰ সহযোগীসকলৰ দ্বাৰা লোকগীত পৰিৱেশন কৰা হয় ।

কলকাতা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ সংগীতানুষ্ঠান পৰিৱেশিত হয়।

উক্ত অনুষ্ঠানতে ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা, ড° সংগীতা শইকীয়াৰ সম্পাদনা তথা শুভম গোস্বামী আৰু ছন্দামিতা গোস্বামীৰ সহঃ সম্পাদনাত কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ বাৰ্ষিক ত্ৰিভাষিক আলোচনী 'সৃষ্টি'ৰ দ্বাদশ সংখ্যাটি উন্মোচন কৰা হয়। অনুষ্ঠানতে বংগৰ লোকসকলক বিহুৰ এক সম্যক আভাস দিবলৈ 'ব'হাগ ব'হাগ মন' নামৰ এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানৰ শেষত সংস্থাৰ সম্পাদক ইন্দুকল্প শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। অসম আৰু বংগৰ মাজত 'একতা তথা ভাতৃত্ববোধ'ৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা হোৱা সামাজিক-সাংস্কৃতিক অনুষ্ঠান কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই বিগত এটা দশকৰো অধিক সময় ধৰি অসমৰ সাংস্কৃতিক তথা সাহিত্যকৰ্মক বংগত প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে আৰু ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি সংস্থাৰ কাৰ্যকৰী-সভাপতি হিটেন হাটখোৱাই জানিবলৈ দিয়ে।

কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত কলকাতা ৰঙালী বিহু উদযাপন...
ভাৰত আৰু ম্যানমাৰৰ যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in