যুদ্ধ বিৰতি হৈছে যদিও পাকিস্তানৰে সিন্ধু চুক্তি বাতিলৰ সিদ্ধান্ত অব্যাহত থাকিব...

যুদ্ধ বিৰতি ঘোষণা কৰিলেও পাকিস্তানৰে ইতিপূৰ্বে বাতিল হোৱা সিন্ধু চুক্তি পুনৰ কাৰ্যকৰী কৰা নহয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ঘোষণা কৰিছে এই কথা।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
যুদ্ধ বিৰতি হৈছে যদি পাকিস্তানৰে সিন্ধু চুক্তি বাতিলৰ সিদ্ধান্ত অব্যাহত থাকিব...

ডিজিটেল ডেস্কঃ যুদ্ধ বিৰতি ঘোষণা কৰিলেও পাকিস্তানৰে ইতিপূৰ্বে বাতিল হোৱা সিন্ধু চুক্তি পুনৰ কাৰ্যকৰী কৰা নহয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মঙলবাৰে ঘোষণা কৰিছে,সিন্ধু চুক্তি স্থগিত হৈয়ে থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ নকৰালৈকে সিন্ধু চুক্তি স্থগিত ৰখা হ’ব। 

Advertisment

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জল চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। সেই সিদ্ধান্ত এতিয়াও কাৰ্যকৰী হৈ আছে আৰু কাৰ্যকৰী হৈ থাকিব। 

উল্লেখ্য যে, ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পাকিস্তানে দেশখনৰ সীমান্তৰ কাষৰীয়া অঞ্চলসমূহক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল। সেই প্ৰতিটো আক্ৰমণ ভাৰতে বিফল কৰিলে। দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত ভাৰতে শনিবাৰে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰে। 

ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল, সিন্ধু চুক্তি পুনৰ কাৰ্যকৰী কৰা হ’ব নেকি? ভাৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হ’ব নেকি?  মঙলবাৰে ৰণধীৰ জয়ছৱালে ঘোষণা কৰে যে স্থগিতাদেশৰ নিৰ্দেশ প্ৰযোজ্য হৈয়ে থাকিব। 

তেওঁৰ ভাষাত, "চুক্তিখনৰ প্ৰস্তাৱনাত কোৱা হৈছিল যে চুক্তিখন সদিচ্ছা আৰু আন্তৰিকতাৰ পৰিৱেশত সম্পাদন কৰা হৈছে। কিন্তু পাকিস্তানে যোৱা কেইটামান দশক ধৰি সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি এই চুক্তিৰ নীতিৰ অপব্যৱহাৰ কৰি আহিছে।’ 

জয়ছৱালে এক শক্তিশালী বাৰ্তা দি কয় যে, “পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে ভাৰতে এই চুক্তিখন স্থগিত ৰাখিব।” ২৩ এপ্ৰিলত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

তাৰোপৰি তেওঁ এই কথাও সোঁৱৰাই দিছে যে, জলবায়ু পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধি, প্ৰযুক্তিগত পৰিৱৰ্তনেও নতুন বাস্তৱতাৰ সৃষ্টি কৰিছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। 

সেই ঘটনাত পাকিস্তানৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল যদিও পাকিস্তানে সেই সম্পৰ্ক অস্বীকাৰ কৰে। ঘটনাৰ পিছদিনা ভাৰতে ১৯৬০ চনত স্বাক্ষৰিত সিন্ধু চুক্তি বাতিলৰ কথা ঘোষণা কৰিছিল।পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন নকৰিলে বাতিল হোৱা এই চুক্তিৰ সিদ্ধান্ত অব্যাহত থাকিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে। 

ইয়াৰ সমান্তৰালকৈ জয়ছৱালে পুনৰ স্পষ্ট কৰি দিয়ে যে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিবলৈ ‘অপাৰেচন সিন্দূৰ’ চলাইছিল। পাকিস্তানৰ সামৰিক ঘাটি বা সাধাৰণ নাগৰিকৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ প্ৰতিও ভাৰতীয় সেনাই চকু ৰাখিছিল। 

সেয়ে ভাৰতীয় অভিযানত পাকিস্তানৰ সাধাৰণ নাগৰিক নিহত হোৱা বুলি পাকিস্তানে কৰা দাবীক জয়ছৱালে পুনৰ নাকচ কৰে। পাকিস্তানৰ সামৰিক বাহিনী আৰু প্ৰশাসনে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁলোকেই এই সংঘাতত জয়ী হৈছে। 

পাকিস্তানী সংবাদ মাধ্যমেও এই দৰেই প্ৰকাশ কৰিছে। জয়ছোৱালে এই বিষয়টোক খাৰিজ কৰিছে। তেওঁ কয়, "এয়া তেওঁলোকৰ পুৰণি ঢোল। হাৰিলেও সেই ঢোলেই বজায়।১৯৭১,  ১৯৯৯ চনত তেওঁলোকে একেটা ঢোল বজাইছিল।" 

তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ১০ মে’ত পাকিস্তানৰ ডিজিএমঅ’ই তেওঁলোকৰ সৈতে যোগাযোগ কৰি যুদ্ধবিৰতিৰ অনুৰোধ জনাইছিল। ইয়াৰ পিছত অলপ সময়ৰ পিছতে ভাৰতে যুদ্ধবিৰতিৰ আহ্বান জনায়। ইয়াৰ বিপৰীতে পাকিস্তানৰ দাবীক তেওঁ খাৰিজ কৰে। ইয়াৰ পূৰ্বে ভাৰতে স্পষ্ট কৰি দিছিল যে পাকিস্তানেহে যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনাইছিল।
 

সিন্ধু জল চুক্তি পেহেলগাম অপাৰেচন সিন্দুৰ