৯ বছৰে সংৰক্ষণ কৰি ৰখা ৪০০ পাকিস্তানী হিন্দু, শিখৰ চিতা ভস্ম লৈ মহাকুম্ভত ৰামনাথ...

মহাকুম্ভলৈ শেহতীয়াকৈ আগমণ ঘটিছে এজন বিশেষ ব্যক্তিৰ।  পাকিস্তানৰ পৰা মহাকুম্ভলৈ অহা এই ব্যক্তিগৰাকীয়ে লগত লৈ আনিছে ৪০০ গৰাকী হিন্দু আৰু শিখ ধৰ্মাৱলম্বী লোকৰ চিতাভস্ম।

author-image
Asomiya Pratidin
New Update
৯ বছৰে সংৰক্ষণ কৰি ৰখা ৪০০ পাকিস্তানী হিন্দু, শিখৰ চিতা ভস্ম লৈ মহাকুম্ভত ৰামনাথ...

ডিজিটেল ডেস্কঃ চলি আছে মহাকুম্ভ। এই মহাকুম্ভলৈ দেশ, বিদেশৰ ভক্তৰ আগমণ ঘটিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা হিন্দু ধৰ্মাৱলম্বীলোসকলৰ উপৰিও অন্যান্য ধৰ্মীয় লোকেও আহি মহাকুম্ভত স্নান কৰিছে।

Advertisment

১৩ জানুৱাৰীৰ পৰা চলি থকা এই মহাকুম্ভলৈ শেহতীয়াকৈ আগমণ ঘটিছে এজন বিশেষ ব্যক্তিৰ।  পাকিস্তানৰ পৰা মহাকুম্ভলৈ অহা এই ব্যক্তিগৰাকীয়ে লগত লৈ আনিছে ৪০০ গৰাকী হিন্দু আৰু শিখ ধৰ্মাৱলম্বী লোকৰ চিতাভস্ম।

মহাকুম্ভলৈ অহা এই পাকিস্তানী লোকজনৰ নাম ৰামনাথ মিশ্ৰ। তেওঁ কৰাচীৰ বাসিন্দা। তেওঁ জনোৱা মতে কৰাচীত তেওঁলোকৰ পৰিয়ালটোৱেই একমাত্ৰ মিশ্ৰ পৰিয়াল।  

ৰামনাথৰ পৰিয়ালে বংশানুক্ৰিমিকভাৱে যোৱা ১৫০০ বছৰ ধৰি কৰাচীৰ পঞ্চমুখী হনুমান মন্দিৰ আৰু শ্মশানৰ পুৰোহিতৰ দায়িত্ব পালন কৰি আহিছে। পুৰোষানুক্ৰিমিক হিচাপেই ৰামনাথে এতিয়া সেই দায়িত্ব পালন কৰিছে।

পাকিস্তানৰ এই হিন্দু পৰিয়ালটো বৰ্তমান মহাকুম্ভ মেলাৰ চেক্টৰ ২৪ ত আছে। তাত,  ৰামনাথে তেওঁৰ স্বামী অধ্যাক্ষজনন্দৰ জৰিয়তে পুত্ৰ উপনয়নো কৰিছে। ৰামনাথে সংবাদ মাধ্যমক জনোৱা মতে তেওঁ পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰায় ৪০০ টা চিতা ভস্ম কঢ়িয়াই আনিছে। এই আটাইবোৰ চিতা ভস্ম হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকৰ।

অহা ২১ ফেব্ৰুৱাৰীত তেওঁ ত্ৰিবেণী সঙ্গমৰ পৰা পবিত্ৰ পানী লৈ দিল্লীলৈ ৰাওনা হ'ব। নিগম ঘাটত কলাপূজাৰ পিছত ২২ ফেব্ৰুৱাৰীত এক শোভাযাত্ৰাৰে চিতাভস্ম হৰিদ্বাৰলৈ লৈ যোৱা হ'ব। চিতাভস্মসমূহ হৰিদ্বাৰৰ পবিত্ৰ সতী ঘাটত বিসৰ্জন দিয়া হ’ব।

ৰামনাথে জনোৱা মতে তেওঁ পত্নী, পুত্ৰ, দুগৰাকী কন্যা আৰু ভতিজাৰ সৈতে ভাৰতলৈ আহিছে। তেওঁলোকে কয় যে, কৰাচীৰ পঞ্চমুখী হনুমান মন্দিৰটো ১৫০০ বছৰতকৈও অধিক পুৰণি। তেতিয়াৰ পৰাই ৰামনাথৰ পূৰ্বপুৰুষসকলে মন্দিৰৰ মুখ্য পুৰোহিত হিচাপে সেৱা আগবঢ়াই আহিছে।

এই মন্দিৰটো এসময়ত তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছিল। বহু চেষ্টাৰ পিছত, ৰামনাথৰ পৰিয়ালে পুনৰ মন্দিৰটো ঘূৰাই পালে। মন্দিৰৰ লগতে থকা শ্মশানখন কেইবছৰমান পূৰ্বে মন্দিৰৰ সৈতে পুনৰ নিৰ্মাণ কৰা হৈছিল।

মৃতকৰ ভস্ম সংৰক্ষণ কৰাৰ বাবে ইয়াত এটা ঘৰো নিৰ্মাণ কৰা হৈছে। এই ঘৰটোতে যোৱা ৯ বছৰ ধৰি তেওঁ এই চিতা ভস্মসমূহ সংৰক্ষণ কৰি ৰাখিছিল। ভাৰতলৈ আহিবলৈ ভিছা পোৱাৰ লগে লগেই তেওঁ এইসমূহ লৈ ভাৰতলৈ আহিছে। মহাকুম্ভত স্নান কৰি তেওঁ এইসমূহ হৰিদ্বাৰলৈ লৈ গৈ তাতে বিসৰ্জন দিব। 

 

পাকিস্তান মহাকুম্ভ মেলা