অযোধ্যাত মহা ধুম-ধামেৰে ৯ দিনীয়াকৈ পালন কৰা ৰাম নৱমী...

কিন্তু এইবাৰৰ ৰাম নৱমীক এক বৃহৎ উৎসৱৰ ৰূপ দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাম মন্দিৰ ন্যাসে। ২১ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ মহা ধুম-ধামেৰে পালন কৰা ভগবান ৰামৰ জন্ম মহোৎসৱ।

author-image
Asomiya Pratidin
New Update
অযোধ্যাত মহা ধুম-ধামেৰে ৯ দিনীয়াকৈ পালন কৰা ৰাম নৱমী...

৯ দিনীয়াকৈ পালন কৰা ৰাম নৱমী

ডিজিটেল ডেস্কঃ ভগৱন্ত ৰামৰ জন্ম উপলক্ষে প্ৰতিবছৰে ভক্তসকলে পালন কৰে ৰাম নৱমী। ৰাম নৱমীত এইবাৰ ভক্তগণে ভগৱন্ত ৰামৰ জন্মভুমি অযোধ্যাক দেখিবলৈ পাব এক অনন্য শৈলীত। বছৰ বছৰ ধৰি ৰাম নৱমীৰ দিনটোত ভক্তগণে বিভিন্ন মন্দিৰত সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰি আহিছে। কিন্তু এইবাৰৰ ৰাম নৱমীক এক বৃহৎ উৎসৱৰ ৰূপ দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাম মন্দিৰ ন্যাসে। ২১ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ মহা ধুম-ধামেৰে পালন কৰা ভগবান ৰামৰ জন্ম মহোৎসৱ।

Advertisment

এইবাৰ অযোধ্যাত ৰাম জন্মভূমি তীৰ্থ স্থানৰ লগতে বিভিন্ন স্থানত ওলাহ-মালহেৰে পালন কৰা হ’ব ৰাম নৱমী। লগতে জন্ম উৎসৱৰ লগত সংগতি ৰাখি অলিম্পিকত অন্তৰ্ভুক্ত ক্ৰীড়াৰ লগতে ভজন আৰু যোগকে ধৰি বহুতো সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰা হ'ব।

এই সন্দৰ্ভত ৰাম জন্মোৎসৱ সমিতিৰ প্ৰশাসক গিৰীশপতি ত্ৰিপাঠীয়ে কয় যে, অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে যে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অযোধ্যালৈ আহিলে ৰাম জন্মসৱ উপভোগ কৰাৰ সুযোগ লাভ কৰিব পাৰে ৷ লগতে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয় যে চাইকেল দৌৰ, মাৰাথন দৌৰ, খো-খো, কাবাডী, ভলীবল, খেল অনুষ্ঠিত কৰা হ’ব ৷ যাতে শ্ৰী ৰামৰ প্ৰতি মানুহৰ অন্তৰত অধিক ভক্তি ভাব বৃদ্ধি পায় ৷

Also Read: সাৱধান! এটা ভিডিঅ' কল, তাৰ পাছতে হেৰুৱাব পাৰে লাখ লাখ টকা

#Ajudhya #RAMNABAMI