Ram Mandir: ৰাম মন্দিৰক লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা বিজেপিৰ ! দেশজুৰি বিভিন্ন কাৰ্যসূচী...

Ram Mandir: ৰাম মন্দিৰক লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা বিজেপিৰ ! দেশজুৰি বিভিন্ন কাৰ্যসূচী...
Ram Mandir: ৰাম মন্দিৰক লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা বিজেপিৰ ! দেশজুৰি বিভিন্ন কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ নিৰ্বাচনী ইছ্যু কি হ’ব সেয়া ইতিমধ্যে সকলোৱে বুজি পাইছে। মূল্যবৃদ্ধি, অত্যাধিক কৰ, চি বি আই, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, প্ৰৱৰ্তন সঞ্চালকালয়, আয়কৰ বিভাগ আদিক বিৰোধীৰ মুখ বন্ধ কৰিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰা, আদানীৰ কেলেংকাৰী আদিবোৰেই বিৰোধীৰ বিজেপিৰ বিৰুদ্ধে হ’ব নিৰ্বাচনী ইছ্যু।

কিন্তু বিজেপিয়ে ক্ষমতা নিজৰ দখলত ৰাখিবলৈ জনতাৰ মাজলৈ কি ইছ্যু লৈ যাব? ১০ বছৰ ক্ষমতাত থকা বিজেপিয়ে এইবাৰ জনতাৰ মাজলৈ ভোট বিচাৰি যাবলৈ বিশেষ একো ইছ্যু বিচাৰি পোৱা নাই।

জনতাৰ মাজত নাই মোডীৰ মেজিকো। এনে পৰিস্থিতিত পুনৰ ধৰ্মীয় আৱেগৰ জৰিয়তে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে চেষ্টা চলাব বিজেপিয়ে। ইয়াৰ বাবে দলটোৱে প্ৰস্তুত কৰি তুলিছে পৰিকল্পনা। দলটোৱে এই ধৰ্মীয় আৱেগ সৃষ্টিৰ বাবে বাচি লৈছে নিৰ্মীয়মাণ ৰাম মন্দিৰ (Ram Mandir)।

অযোধ্যাত নিৰ্মাণ কৰি থকা ৰাম মন্দিৰ উদ্বোধনৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছে ২০২৪ ৰ ২২ জানুৱাৰী। ইয়াৰ ঠিক ৬০/৭০ দিনৰ পাছতে দেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন।

সেয়ে ২২ জানুৱাৰীৰ ৰাম মন্দিৰ উদ্বোধনৰ পাছৰ ৪০ দিন ধৰি ৰাম মন্দিৰক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এই ৪০ দিনত ভগৱান ৰামক ৰূপৰ কলসীৰে অভিষেক কৰিব পাৰিব ভক্তসকলে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে লোকসভা নিৰ্বাচনৰ ঠিক আগমুহূৰ্তলৈকে সমগ্ৰ দেশত এক হিন্দু আৱেগৰ সৃষ্টি কৰিবৰ বাবেই এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।  

ৰাম মন্দিৰ (Ram Mandir) নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই যদিও বহু পূৰ্বে লোকসভা নিৰ্বাচনৰ আগে আগে ২২ জানুৱাৰীতেই ৰাম মন্দিৰ উদ্বোধনৰ দিন ঠিক কৰা হৈছে। এই সন্দৰ্ভত চলাই থকা হৈছে প্ৰচাৰ।

২২ জানুৱাৰীৰ পাছৰ প্ৰায় ডেৰ মাহ ধৰি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগলৈকে দেশত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী চলাই যাব গেৰুৱা দলটোৱে। তাৰ পৰাই অনুমান কৰিব পাৰি গেৰুৱা শিবিৰে কিদৰে এক হিন্দু আৱেগ তৈয়াৰৰ চেষ্টা কৰিছে। এই সকলো কাৰ্যসূচীৰে নেতৃত্ব ল’ব বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদিৰ দৰে হিন্দুত্ববাদী সংগঠনবোৰে।

আনহাতে ৰাম মন্দিৰ (Ram Mandir) উদ্বোধনকে ধৰি পৰৱৰ্তী ডেৰ মাহৰ বিভিন্ন কাৰ্যসূচীৰ বাবে যিদৰে ৰাম মন্দিৰৰ চৌহদ সজাই পৰাই তোলা হ'ব ঠিক সেইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলক একত্ৰিতভাৱে ডিজিটেলী এই কাৰ্যসূচী উপভোগ কৰিব পৰাকৈ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। দেশৰ ভিন্ন প্ৰান্তত বাহিৰ কৰা হ’ব প্ৰভাত ফেৰী। অনুষ্ঠিত হ'ব ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় সভা আদি।

৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছত বিজেপিৰ হাতত তেনে কোনো বিশেষ কাৰ্যসূচী নাই। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিও তেওঁলোকে কোনো আন বিশেষ কাৰ্যসূচীৰ পৰিকল্পনা এই পৰ্যন্ত কৰা নাই। সেয়েহে ৰাম মন্দিৰক কেন্দ্ৰ কৰিয়েই দেশ জুৰি ধৰ্মীয় আৱেগ সৃষ্টিৰে নিজৰ অনুকুলে এক পৰিৱেশ তৈয়াৰ কৰাতেই মনোনিৱেশ কৰিছে দলটোৱে।

ৰাম মন্দিৰ উদ্বোধনৰ পাছত ৪০ দিন ধৰি চলিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ বাবে এটা মোবাইল এপ তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰিছে ৰাম মন্দিৰ কৰ্তৃপক্ষই। এই এপটোৰ নাম দিয়া হৈছে 'শ্ৰীৰাম সেৱা' (ShriRam Sewa)। এই এপটোৰ জৰিয়তে অভিষেক অনুষ্ঠানত অংশ ল'ব বিচৰা লোকসকলে আৱেদন কৰিব পাৰিব।

আনহাতে ৰাম মন্দিৰ কৰ্তৃপক্ষই দেশবাসীক ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত ঘৰে ঘৰে হনুমান চালিছা, ৰাম চৰিত মানস পাঠ কৰিবলৈ আহ্বান জনাইছে। মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৃশ্য টেলিভিশ্যনৰ লগতে সকলো সামাজিক মাধ্যমতে লাইভ সম্প্ৰচাৰ কৰা হ'ব।

সেই দিনটোৰ সন্ধিয়া সকলোকে চাকি জ্বলাই শংখ বজাবলৈও আহ্বান কৰিছে। ইফালে মন্দিৰ উদ্বোধন হোৱাৰ পাছতে প্ৰতিদিনে ৰাম মন্দিৰত পূজা অৰ্চনা কৰিবলৈ পূজাৰীৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি পূজাৰীৰৰ বাবে আৱেদন কৰিবলৈ এক বিজ্ঞাপন প্ৰকাশ কৰিছিল।

প্ৰকাশিত তথ্য অনুসৰি প্ৰায় ৩ হাজাৰ পূজাৰীয়ে ইয়াত আৱেদন কৰিছে। এই ৩ হাজাৰ পূজাৰীৰ পৰা প্ৰথমে ২০০ জন নিৰ্বাচিত কৰি তাৰ মাজৰ পৰা ২০ জনক কৰ্তব্যত নিয়োগ কৰা হ'ব। অৱশ্যে তাৰ পূৰ্বে তেওঁলোকক ৬ মাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

Ram Mandir: ৰাম মন্দিৰক লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা বিজেপিৰ ! দেশজুৰি বিভিন্ন কাৰ্যসূচী...
Uttarkashi: গ্ৰীণ কৰিডৰ তৈয়াৰ কৰি শ্ৰমিকসকলক লৈ যোৱা হ'ব হাস্পতাললৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in