/asomiyapratidin/media/media_files/2025/04/04/LjAwKJhUcWoRcaC2QVRG.jpg)
ডিজিটেল ডেস্কঃ নিশা ২.৩৩ বজাত উচ্চ সদনত ৱাকফ (সংশোধনী)বিধেয়ক-২০২৪ গৃহীত হোৱাৰ পাছত পুৱা ৪ বজালৈকে চলি থাকিল সদনৰ কামকাজ। প্ৰায় ১২ ঘণ্টা ধৰি চলা বিতৰ্কৰ অন্তত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে দাঙি ধৰে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ সন্দৰ্ভত সাংবিধানিক প্ৰস্তাৱৰ সন্দৰ্ভতো বক্তব্য ৰাখে।
উল্লেখ্য যে, বুধবাৰে মধ্য ৰাতি লোকসভাত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাজ্যসভাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বিতৰ্ক শুকুৰবাৰে অন্ত পৰে আৰু নিশা ২.৩৩ বজাত ভোটৰ জৰিয়তে এই বিধেয়ক গৃহীত কৰা হয়।
ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে ১২৮ টা আৰু বিপক্ষে ৯৫ গৰাকী সদস্যই ভোট দিয়াৰ বিপৰীতে ১৩ গৰাকী সদস্য অনুপস্থিত থাকে। বিধেয়কখনৰ সনদৰ্ভত ৰাজ্যসভাত চলি থকা আলোচনাৰ মাজে মাজে অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৰা কেতবোৰ মন্তব্য পিছে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
তেওঁ নিজকে এগৰাকী কৃষকৰ সন্তান বুলি কৈ দেশৰ কৃষকে কালৈকো ভয় নকৰে বুলি কৰা মন্তব্য চৰ্চাৰ মাজলৈ আহিছে। উল্লেখ্য যে, ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ ৰ উপৰিও সদনৰ কাৰ্যসূচীত আছিল মণিপুৰৰ ৰাষ্ট্ৰপতি শাসনৰ বিষয়টোও। সেয়ে ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ গৃহীত হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত মণিপুৰত জাপি দিয়া ৰাষ্ট্ৰপতিৰ শাসনৰ সন্দৰ্ভত সাংবিধানিক প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰে।
মণিপুৰ প্ৰসংগত এই প্ৰস্তাৱ দাখিল কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই বিষয়টোত সদনত এঘণ্টাৰো অধিক সময় আলোচনা চলিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সদনত যেতিয়া এই প্ৰস্তাৱটোৰ ওপৰত আলোচনা কৰাৰ কথা উল্লেখ কৰে, সেই সময়ত বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে অনুৰোধ কৰি কয় যে, এই আলোচনা সদনৰ পৰৱৰ্তী বৈঠকতো হ’ব পাৰে।
তেওঁ ইতিমধ্যে বহু ৰাতি হৈ যোৱাৰ বাবে এই অনুৰোধ কৰে। সমান্তৰালকৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে এনে কেতবোৰো মন্তব্য কৰে যি ততাতৈয়াকৈ সদনৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হয়। খাৰ্গেৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়াতে অধ্যক্ষ ধনখড়ে কয়, ভাৰতীয় কৃষক আৰু কৃষকৰ পুত্ৰই কাকো, কোনো পৰিস্থিতিত ভয় নকৰে।
ইয়াৰ পিছতে খাৰ্গেয়ে সাংবিধানিক প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰে। কিন্তু কিছু সময়ৰ পাছতে খাৰ্গেয়ে ভাষণ দি থকাৰ মাজতে অধ্যক্ষৰ আসনৰ পৰা উঠি যাবলৈ লয় জগদীপ ধনখড়। তেওঁৰ স্থানত উপ-সভাপতি হৰিবংশ আহি কাৰ্য্যবিধি পৰিচালনা কৰাৰ দায়িত্ব লয়।
খাৰ্গেয়ে তাকে দেখি কয়, ছাৰ আপুনি গ’লে আমাৰ সকলো উদ্যম হেৰাই যাব। খাৰ্গেৰ এই মন্তব্যৰ পাছতে উপাধ্যক্ষ হৰিবংশয়ে হাঁহি হাঁহি ওলোতাই প্ৰশ্ন কৰে, মই অহাৰ পিছত উৎসাহ কমি গ’ল নেকি?
ইয়াৰ প্ৰত্যুত্তৰত খাৰ্গেয়ে শাসকীয় দলৰ সদস্যৰ ফালে আঙুলিয়াই ক’য় নহয়, আপোনাৰ সকলো ঠিকেই আছে। এবাৰ বহিলে কেৱল সেই দিশলৈ চাই থাকে। খাৰ্গেৰ এনে কটাক্ষ ভৰা মন্তব্যত উপাধ্যক্ষগৰাকীয়ে উত্তৰ দি কয়, মই কেৱল আপোনাৰ ফালেহে চাওঁ। এইদৰেই বিতৰ্ক, কটাক্ষ আৰু মাজে মাজে হাস্যমধুৰতাৰে বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা ৰাজ্যসভাৰ কাৰ্যৱলী শুকুৰবাৰে পুৱতি নিশা ৪ বজাত অন্ত পৰে।