সমগ্ৰ দেশ শুই পৰাৰ পাছত নিশা ২.৩৩ বজাত ৰাজ্যসভাত গৃহীত হ'ল ৱাকফ (সংশোধনী) বিধেয়ক

বুধবাৰে নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা ৱাকফ (সংশোধনী)-২০২৪ বিলখন দেশ শুই পৰাৰ পাছত নিশা ২.৩৩ বজাত ৰাজ্যসভাতো গৃহীত হয়।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
সমগ্ৰ দেশ শুই পৰাৰ পাছত নিশা ২.৩৩ বজাত ৰাজ্যসভাত গৃহীত হ'ল ৱাকফ (সংশোধনী) বিধেয়ক)

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা ৱাকফ (সংশোধনী)-২০২৪ বিলখন ৰাজ্যসভাতো গৃহীত হয়। শাসক, বিৰোধীৰ  তীব্ৰ বাকযুদ্ধৰ মাজত সমগ্ৰ দেশ শুই পৰাৰ পাছত নিশা ২.৩৩ বজাত ৰাজ্যসভাত গৃহীত হয় এই বিধেয়ক। 

Advertisment

২৩৬ সদস্যৰ উচ্চ সদনখনত বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত ২২৩ গৰাকী সাংসদেহে অংশগ্ৰহণ কৰে। এই বিলখনৰ সপক্ষে ১২৮ গৰাকী সদস্যই ভোটদান কৰাৰ বিপৰীতে বিলখনৰ  বিৰুদ্ধে ৯৫ গৰাকী সাংসদেহে ভোটদান কৰে। ইয়াৰ বিপৰীতে ১৩ গৰাকী সাংসদ ভোটদানৰ সময়ত অনুপস্থিত থাকে উচ্চ সদনত। 

কি এই ৱাকফ (সংশোধনী)  বিধেয়ক-২০২৪?

ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত জনাৰ আগতে জানি ল'ব লাগিব 'ৱাকফ' শব্দটোৰ অৰ্থ। ৱাকফ শব্দৰ অৰ্থ হৈছে মুছলমানসকলে ধৰ্মীয়, শৈক্ষিক বা দাতব্য কাৰণত কৰা দান ।

বৰ্তমানৰ ৱাকফ আইন মতে, ৱাকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে সমৰ্পিত সম্পত্তিবোৰ বুজায় । আনহাতে, এই সম্পত্তিৰ আন যিকোনো ব্যৱহাৰ বা বিক্ৰী নিষিদ্ধ কৰিছে ।

ৱাকফ ঘোষণা কৰা সম্পত্তি এটা উত্তৰাধিকাৰীসূত্ৰে, উপহাৰ হিচাপে প্ৰদান বা বিক্ৰী কৰিব নোৱাৰি। 'ৱাকিফ' হৈছে এগৰাকী ব্যক্তি, যিয়ে হিতাধিকাৰীৰ বাবে ৱাকফ সৃষ্টি কৰে । 

যোৱা ২০২৪ চনৰ 8 আগষ্টত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ লোকসভাত উত্থাপন কৰা হৈছিল। বিধেয়কখনক লৈ যথেষ্ট বিতৰ্ক হোৱাৰ পাছত  সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ বিধেয়কখন প্ৰেৰণ কৰা হৈছিল। 

ৱাকফ ব'ৰ্ডে কিমান সম্পত্তি নিয়ন্ত্ৰণ কৰে?

কেন্দ্ৰীয় চৰকাৰৰ মতে, ৱাকফ ব'ৰ্ডে সমগ্ৰ দেশত প্ৰায় ১.২ লাখ কোটি মূল্যৰ ৯.৪ লাখ একৰ ৮.৭ লাখ সম্পত্তি নিয়ন্ত্ৰণ কৰে ।ৱাকফ ব'ৰ্ড হৈছে সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰে'লৱেৰ পিছত ভাৰতৰ সৰ্ববৃহৎ ভূমিৰ মালিক । ৱাকফ ব'ৰ্ডৰ অধীনত ৩৫৬,০৫১  ৱাকফ সম্পত্তি পঞ্জীয়ন কৰা হৈছে । তাৰোপৰি ৱাকফ ব'ৰ্ডৰ অধীনত ৮৭২,৩২৮  টা স্থাৱৰ সম্পত্তি আৰু ১৬,৭১৩ টা অস্থাৱৰ সম্পত্তি পঞ্জীয়ন কৰা হৈছে ।

কিয় কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰিছে ৱাকফ আইন?

কেন্দ্ৰীয় চৰকাৰৰ মতে, অংশীদাৰসকলে উত্থাপন কৰা মুখ্য বিষয়বোৰ হৈছে ৱাকফ বোৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদ গঠনত সীমিত বৈচিত্ৰ্য, মুটাৱল্লিৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ, মুটাৱল্লিৰ দ্বাৰা সম্পত্তিৰ সঠিক একাউণ্ট ৰক্ষণাবেক্ষণ নকৰা, স্থানীয় ৰাজহ কৰ্তৃপক্ষৰ সৈতে কাৰ্যকৰী সমন্বয়ৰ অভাৱ, বেদখলমুক্ত কৰাৰ বিষয়, পঞ্জীয়ন আৰু ৱাকফ সম্পত্তিৰ শিৰোনাম ঘোষণা, সম্পত্তি দাবী কৰাৰ বাবে ৱাকফ বোৰ্ডক ব্যাপক ক্ষমতা প্ৰদান কৰাৰ ফলত বিবাদ আৰু মোকৰ্দমা, সীমিত আইনৰ প্ৰযোজ্যতা অপ্ৰযোজ্য হোৱাৰ ফলত সম্প্ৰদায়বোৰৰ মাজত বিভেদ সৃষ্টি হয়, ৱাকফ সম্পত্তিৰ পৰা অতি নগণ্য পৰিমাণৰ উপাৰ্জন ইত্যাদি। এই সমমূহ সমধানাৰ উদ্দেশ্যৰে সলনি কৰা হৈছে এই আইন।

ৱাকফ সংশোধনী বিধেয়ক ৰাজ্যসভা